Sri Lanka Gold Price: ডলাৰৰ তুলনাত শ্ৰীলংকাৰ টকাৰ মূল্য হোৰাহোৰে কমি যোৱাৰ বাবেই এদিনত ৫-১০ হাজাৰকৈ বাঢ়িছে সোণৰ দাম। Sri Lanka Gold Price: ডলাৰৰ তুলনাত শ্ৰীলংকাৰ টকাৰ মূল্য হোৰাহোৰে কমি যোৱাৰ বাবেই এদিনত ৫-১০ হাজাৰকৈ বাঢ়িছে সোণৰ দাম। অৰ্থনৈতিক সংকটত বিধ্বস্ত হৈ পৰা শ্ৰী লংকা (Sri Lanka)ত এতিয়া সকলো সামগ্ৰীৰে আকাশলংঘী দাম। আলুৰ পৰা আৰম্ভ কৰি পেট্ৰ'ল-ডিজেললৈকে সকলো বস্তুৰে জুই চাই দাম হৈছে দেশখনত। দেশখনত আলু প্ৰতি কেজিত ২৫০ টকাৰ উপৰত হৈছে, চাউল প্ৰতিকেজিত ৫০০ টকা হৈছে, নহৰু প্ৰতিকেজিত প্ৰায় হাজাৰ টকা হৈছে। বিগত কেইদিনমানত দেশখনত মূল্যবৃদ্ধিৰ বহু বাতৰি হৈছে, কিন্তু আপুনি জানেনে শ্ৰী লংকাত এতিয়া সোণ (Sri Lanka Gold Price)ৰ দাম কিমান?
সংবাদ সংস্থা ANIৰ বাতৰি মতে শ্ৰীলংকাত এতিয়া ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম হৈছে প্ৰায় ২ লাখ টকা। ৯ এপ্ৰিলৰ দাম অনুসৰি দেশখনত সোণৰ দাম ১০ গ্ৰামত ১ লাখ ৯৫ হাজাৰ টকা। দুই লাখতকৈ ৫ হাজাৰ টকা কম।
লাখ লাখ টকা দামী সিংহলী লোকসকলে সোণ নিজৰ লগত ৰখাৰ সলনি বিক্ৰী কৰিবলৈ বাধ্য হৈছে। দেশখনত হোৱা মূল্যবৃদ্ধিৰ বাবেই এতিয়া দুবেলা দুসাজ খাবলৈ সোণ বিক্ৰী কৰিবলৈ বাধ্য হৈছে দেশখনৰ নাগৰিকসকল। কলোম্বো গোল্ড চেণ্টাৰৰ মতে যোৱা কেইদিনত হাজাৰ হাজাৰ লোকে সোণ বিক্ৰী (Sri Lanka Gold Price) কৰিবলৈ আহিছে, কেৱল জীয়াই থাকিবলৈ খাদ্যবস্তু কিনাৰ বাবে।
উল্লেখ্য যে ডলাৰৰ তুলনাত শ্ৰীলংকাৰ টকাৰ মূল্য হোৰাহোৰে কমি যোৱাৰ বাবেই এদিনত ৫-১০ হাজাৰকৈ বাঢ়িছে সোণৰ দাম।
Published by: Manjumoni Borah
First published: April 09, 2022, 23:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|