Business|Bamboo Items: অসমীয়া সমাজ জীৱনত প্ৰচলিত বিভিন্ন ঘৰোৱা ব্যৱহাৰ্য্য বাঁহ বেতৰ সামগ্ৰীক নিজ চিন্তা আৰু সৃষ্টিশিলতাৰে নতুন মাত্ৰ প্ৰাদান কৰি সামগ্ৰী সমুহ বিশ্বমুখী কৰি তুলিছে শিৱসাগৰ জিলাৰ বকতা খঙীয়া গাঁৱৰ শিক্ষিত উদ্যমী যুৱক জনে৷
Business|Bamboo Items: অসমীয়া সমাজ জীৱনত প্ৰচলিত বিভিন্ন ঘৰোৱা ব্যৱহাৰ্য্য বাঁহ বেতৰ সামগ্ৰীক নিজ চিন্তা আৰু সৃষ্টিশিলতাৰে নতুন মাত্ৰ প্ৰাদান কৰি সামগ্ৰী সমুহ বিশ্বমুখী কৰি তুলিছে শিৱসাগৰ জিলাৰ বকতা খঙীয়া গাঁৱৰ শিক্ষিত উদ্যমী যুৱক জনে৷
যাৰ নাই বাঁহ, তাৰ নাই সাহ। এই জনপ্ৰিয় অসমীয়া আপ্ত বাক্যশাৰী সৰোগত কৰি জিলিকি উঠিছে এগৰাকী অসমীয়া যুৱক। বাৰীৰ ঢাপৰ জাতি বাঁহ জুপিকে সাৰথি কৰি জগত সভালৈ যোৱাৰ সংকল্প এই গৰাকী যুৱকৰ।
অসমীয়া সমাজ জীৱনত প্ৰচলিত বিভিন্ন ঘৰোৱা ব্যৱহাৰ্য্য বাঁহ-বেতৰ সামগ্ৰীক নিজ চিন্তা আৰু সৃষ্টিশিলতাৰে নতুন মাত্ৰা প্ৰদান কৰি সামগ্ৰীসমুহ বিশ্বমুখী কৰি তুলিছে শিৱসাগৰ জিলাৰ বকতা খঙীয়া গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱকে ৷ গুৱাহাটী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ পৰা স্নাতক পংকজ ৰাইদঙীয়া নামৰ যুৱকজনে নিজ বাসগৃহৰ চাৰিসীমাৰ ভিতৰতে "প্ৰাৰম্ভ" নামেৰে হস্ত নির্মিত বাঁহ-বেত আৰু কাঠৰ আচবাবৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠান আৰম্ভ কৰিছে। অসমৰ থলুৱা সামগ্ৰী তথা সাধাৰণতে মানুহে ব্যৱহাৰ কৰা সামগ্ৰী সমুহক নতুনত্ব প্ৰদান কৰি বিশ্বমুখী কৰি তুলিছে যুৱকজনে৷ ইতিমধ্যে অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত অনলাইন যোগে "প্ৰাৰম্ভ"ত উৎপাদিত বাঁহৰ সামগ্ৰী বিক্ৰী কৰিছে ৷ বেংগালুৰুৰ বিলাসী জীৱন লোভনীয় দৰমহাৰ চাকৰি এৰি তাত লাভ কৰা অভিজ্ঞতাৰে নিজ গাঁৱত এই কুটিৰ উদ্যোগটো গঢ়ি নিজৰ লগতে বৰ্তমান পাঁচজন যুৱকক কৰ্মসংস্থাপনো দিছে পংকজ ৰাইদঙীয়াই৷
থলুবা বাঁহ বেতৰ পৰা উৎপাদিত পাচি, খৰাহি, জাপি, চেপা আদিক সৌন্দৰ্য বৰ্দ্ধনৰ সামগ্ৰী হিচাপে নিৰ্মাণ কৰিছে যুৱকজনে ৷ যুৱকজনে প্লাষ্টিকৰ বিকল্প হিচাপে বাহঁৰ সামগ্ৰীসমুহ উৎপাদন কৰি বজাৰত বিক্ৰী কৰিছে৷ এই ব্যতিক্ৰমী সামগ্ৰীসমূহে ইতিমধ্যে বিভিন্নজনৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে যুৱকজনৰ এই পদক্ষেক শলাগ লৈছে বহুজনে ৷
অকল কুটীৰ উদ্যোগেই নহয় ৷ যুৱকজনৰ হাতৰ পৰশত পুৰণি আপুৰুগীয়া সামগ্ৰীয়েও প্ৰাণ প্ৰাই উঠিছে ৷ নিজ ঘৰৰ চাৰিসীমাটোক বিভিন্ন কলা বীঠিকাৰে সজাই পৰাই তুলিছে যুৱক জনে৷ শিপা খামুচি, লোক জীৱনৰ পৰম্পৰাক আধুনিক চিন্তা চেতনাৰে উজ্জীৱিত কৰি জাতিক সমৃদ্ধ কৰা পংকজ ৰাইদঙীয়া এতিয়া আন বহুজনৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|