• Home
  • »
  • News
  • »
  • business
  • »
  • Earn Money : ১৫ X ১৫ X ১৫ৰ এই ফৰ্মূলাই সলনি কৰি দিব আপোনাৰ ভাগ্য, ডাইৰেক্ট হ'ব কোটিপতি, জানি লওক সবিশেষ

Earn Money : ১৫ X ১৫ X ১৫ৰ এই ফৰ্মূলাই সলনি কৰি দিব আপোনাৰ ভাগ্য, ডাইৰেক্ট হ'ব কোটিপতি, জানি লওক সবিশেষ

Mutual fund (মিউচুৱেল ফাণ্ড)ত বিনিয়োগকাৰীসকলৰ বাবে ৰিটাৰ্ণ সৰ্বাধিক কৰাৰ বাবে কেইবাটাও নিয়ম আছে। মিউচুৱেল ফাণ্ডৰ 15 x 15 x 15 নিয়ম (15 x 15 x 15 rule) সেইবোৰৰ ভিতৰত অন্যতম এটা।

  • Share this:
যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰি আছে এই বাতৰিটো আপোনাৰ বাবে যথেষ্ট কামৰ হ'ব পাৰে। আপুনি মিউচুৱেল ফাণ্ডত (Mutual Fund) বিনিয়োগ কৰিব পাৰে। অৱশ্যে, মিউচুৱেল ফাণ্ড বজাৰ হৈছে বিপদাশংকাৰে পৰিপূৰ্ণ এক বিনিয়োগ। মিউচুৱেল ফাণ্ড (Mutual fund) বিনিয়োগকাৰীসকলৰ বাবে ৰিটাৰ্ণ সৰ্বাধিক কৰাৰ বাবে কেইবাটাও নিয়ম আছে। মিউচুৱেল ফাণ্ডৰ 15 x 15 x 15 নিয়ম (15 x 15 x 15 rule) সেইবোৰৰ ভিতৰত অন্যতম এটা।

কি এই নিয়ম জানি লওঁক?
এই মিউচুৱেল ফাণ্ড SIP  (প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা) বিনিয়োগত এজন বিনিয়োগকাৰীয়ে 15 বছৰৰ বাবে প্ৰতি মাহে 15,000 ₹ বিনিয়োগ কৰি কোটিপতি হ'ব পাৰে। নিয়মটোত কোৱা হৈছে যে যদি এজন বিনিয়োগকাৰীয়ে দীঘলীয়া সময়ৰ বাবে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে, ৰিটাৰ্ণ হ'ব 15 শতাংশ। অৰ্থাৎ মাত্ৰ ১৫ বছৰৰ ভিতৰত এজন কোটিপতি হ'ব পাৰে। অৱশ্যে, মিউচুৱেল ফাণ্ড কেলকুলেটৰে (Mutual fund calculator) পৰামৰ্শ দিয়ে যে এজন ব্যক্তিয়ে তেওঁৰ ম্যাদপুৰ্তিৰ পৰিমাণ দুগুণ কৰিব পাৰে আৰু 15 শতাংশ বাৰ্ষিক ষ্টেপ আপ বজাই ৰাখিলে 15 বছৰত ₹2 কোটিতকৈ অধিক লাভ কৰিব পাৰে।

উদাহৰণৰ দ্বাৰা বুজক
যদি কোনোবাই 15 বছৰৰ বাবে 15,000 টকাৰ মাহিলী এছ.আই.পি. কৰে, আপোনাৰ বিনিয়োগ কৰা পৰিমাণ হ'ব 27 লাখ টকা। এই ক্ষেত্ৰত, যদি আপুনি বাৰ্ষিক 15 শতাংশ ৰিটাৰ্ণ বিবেচনা কৰে, আপুনি আপোনাৰ বিনিয়োগৰ ওপৰত মুঠ 74,52,946 টকালৈকে ৰিটাৰ্ণ পাব পাৰে। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ 27 লাখ টকা 15 বছৰৰ পিছত  ১ কোটি ১ লাখ ৫২ হাজাৰ ৯৪৬ (1,01,52,946) টকা হ'ব। এনেদৰে আপুনি 15 বছৰত প্ৰতি মাহে 15,000 টকা জমা কৰি কোটিপতি হ'ব পাৰে।
Published by:Manjumoni Borah
First published: