দুৰ্নীতি-অনিয়ম ৰোধৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ 'লিগেল মেট্ৰ'লজী' (Legal Metrology) বিভাগে অসমৰ বিভিন্ন স্থানত নিজ অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানত অসাধু ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি গ্ৰাহকক কৰা প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে ৷ বিভিন্ন উপায়েৰে গ্ৰাহকক প্ৰৱঞ্চনা কৰি দুৰ্নীতিৰ পোহাৰ মেলা এইসকল অসাধু ব্যৱসায়ীৰ (unscrupulous traders) বিৰুদ্ধে বিভাগে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বহুকেইটা গোচৰ ৰুজু কৰিছে৷
ইতিমধ্যেই লিগেল মেট্ৰ'লজী বিভাগে মঙলদৈত ৭টা, ধেমাজিত ৬টা, বিশ্বনাথ চাৰিআলিত ৩টা, তেজপুৰত ৭টা, মৰিগাঁৱত ২টা আৰু নগাঁৱত ৪টা গোচৰ ৰুজু কৰিছে (Several cases registered by Legal Metrology)৷ "ৰাজ্য চৰকাৰে দুৰ্নীতিক কেতিয়াও প্ৰশয় নিদিয়ে ৷ বিভাগৰ এই দুৰ্নীতিবিৰোধী অভিযান আগন্তুক দিনত অধিক তীব্ৰতৰ হ'ব ৷ ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নত অন্তৰায় সৃষ্টি কৰা অথবা গ্ৰাহকক প্ৰৱঞ্চনা কৰা প্ৰতিজন ব্যৱসায়ীৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"—বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Dass) এইদৰে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।