মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »Guwahati News: এগৰাকী সাহসী আৰু স্বাভিমানী মহিলাৰ কাহিনী

Guwahati News: এগৰাকী সাহসী আৰু স্বাভিমানী মহিলাৰ কাহিনী

X
এগৰাকী //

এগৰাকী সাহসী আৰু স্বাভিমানী মহিলা । নাম জোৎস্না কুমাৰ

নিজৰ বেটাৰী ৰিক্সাখনেৰে ভি আই পি ৰ'ডৰ দিশে জোৎস্নাই লৈ যাব আপোনাক । হয়, বেটাৰী ৰিক্সাৰ চালক জোৎস্না । আত্মনিৰ্ভৰশীল জোৎস্নাৰ আছে দুগৰাকীকৈ সন্তান । স্বামী নিৰঞ্জন কুমাৰৰ অসুস্থতাৰ বাবে ৩২ বছৰীয়া জোৎস্নাই মূৰ পাতি ল'বলগীয়া হৈছে ঘৰখনৰ সমস্ত দায়িত্ব । 

  • Share this:
গুৱাহাটী, ১৭ মাৰ্চ: এগৰাকী সাহসী আৰু স্বাভিমানী মহিলা । নাম জোৎস্না কুমাৰ । গুৱাহাটীৰ বাসিন্দা জোৎস্না কুমাৰ এতিয়া যেন বহুতৰে বাবে আদৰ্শ । গনেশগুৰিৰ পৰা হেঙেৰাবাৰীলৈ বুলি আহিলে আপুনি সদায়েই লগ পাব তেওঁক ।

নিজৰ বেটাৰী ৰিক্সাখনেৰে ভি আই পি ৰ'ডৰ দিশে জোৎস্নাই লৈ যাব আপোনাক । হয়, বেটাৰী ৰিক্সাৰ চালক জোৎস্না । আত্মনিৰ্ভৰশীল জোৎস্নাৰ আছে দুগৰাকীকৈ সন্তান । স্বামী নিৰঞ্জন কুমাৰৰ অসুস্থতাৰ বাবে ৩২ বছৰীয়া জোৎস্নাই মূৰ পাতি ল'বলগীয়া হৈছে ঘৰখনৰ সমস্ত দায়িত্ব ।

এফালে মাতৃত্বৰ কঠোৰ দায়িত্ব আৰু অন্যফালে পৰিয়াল পোহপালনৰ চিন্তা । বেটাৰী ৰিক্সাখন লৈয়ে জোৎস্নাই প্ৰতিদিনে উপাৰ্জন কৰে ১০০০-১২০০ টকা । বৰ্তমান বহু নাৰীৰ বাবে আৰ্দশ তথা কৰ্ম বিপ্লৱৰ যেন অন্য এক নাম জোৎস্না কুমাৰ । কিন্তু মনত কিছু ক্ষোভ আছে এইগৰাকী কৰ্মোদ্যমী মহিলাৰ ।

কাৰণ একাংশ ই ৰিক্সা চালকে তেওঁক সততে কৰি আহিছে বেয়া ব্যৱহাৰ ৷ জোৎস্নাৰৰ মতে, ৰিক্সা চলোৱাত তেওঁক বাধা প্ৰদান কৰে একাংশ ই ৰিক্সা চালকে । বহুকেইজনে জোৎস্নাক শাৰীৰিক আৰু মানসিকভাৱেও অত্যাচাৰ কৰাৰো অভিযোগ উঠিছে ৷ কিন্তু কাৰো ভয়-ভাবুকিলৈ কেৰেপ কৰা মানুহ নহয় জোৎস্না ৷

নিউজ ১৮ লোকেলক জোৎস্নাই ক'লে তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী ৷ প্ৰতিদিনে দিনৰ ১১ বজাত ই ৰিক্সাখন লৈ ওলাই অহা জোৎস্নাই নিশা ৯ বজালৈ ৰিক্সা চলাই বহুতকে সাহসী হোৱাৰ এক উদাহৰণ দিয়াৰ লগতে কৰ্ম বিপ্লৱ গঢ়ি তুলিছে । বহু নাৰীৰ বাবে আজি আদৰ্শ তেওঁ ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি