গৰ্ভৱতী মহিলাক নিযুক্তি দিয়া নহ'ব বুলি এখন আচৰিত নিৰ্দেশনা জাৰি কৰিছিল দেশৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে (State Bank of India)। কিন্তু দেশজুৰি বিভিন্ন ক্ষেত্ৰৰ পৰা সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত শনিবাৰে এই চাৰ্কুলাৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ষ্টেট বেংকে।
SBIয়ে গৰ্ভৱতী মহিলা চাকৰি প্ৰত্যাশীক লৈ এক সমীক্ষা কৰিছিল আৰু এই সমীক্ষাৰ পিছতে তিনি মাহতকৈ অধিক দিনৰ গৰ্ভৱতী মহিলা প্ৰাৰ্থীক অস্থায়ীভাৱে অযোগ্য বিবেচনা কৰাৰ লগতে প্ৰসৱৰ পিছত ৪ মাহৰ পিছতে কৰ্তব্যত যোগদান কৰিব পাৰে বুলিও নিৰ্দেশনাত উল্লেখ কৰিছিল।
ইয়াৰ পিছতে দেশৰ বিভিন্ন শ্ৰমিক সংগঠনে আৰু দিল্লী মহিলা আয়োগে (Delhi Women Commission) এই নিৰ্দেশনা মহিলা বিৰোধী বুলি আপত্তি দৰ্শাই শীঘ্ৰে ইয়াক বাতিলৰ দাবী উত্থাপন কৰিছিল। প্ৰতিক্ৰিয়া আৰু সমালোচনা তীব্ৰ হোৱাত ষ্টেট বেংক কৰ্তৃপক্ষই জনতাৰ আবেগ-অনুভূতিৰ প্ৰতি সন্মান জনাই এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।