உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • ভাৰতীয় ষ্টেট বেংকে দেখিছে লাভৰ মুখ! মাত্ৰ তিনি মাহতে ৮,৪৩১ কোটি টকাৰ লাভ অৰ্জন ভাৰতীয় ষ্টেট বেংকৰ

    ভাৰতীয় ষ্টেট বেংকে দেখিছে লাভৰ মুখ! মাত্ৰ তিনি মাহতে ৮,৪৩১ কোটি টকাৰ লাভ অৰ্জন ভাৰতীয় ষ্টেট বেংকৰ

    SBI Bank

    SBI Bank

    State Bank of India: বিগত বৰ্ষত একেটা ত্ৰৈমাসিকত এই লাভৰ পৰমাণ আছিল ৫১৯৬.২২ কোটি টকা।

    • Share this:
    ডিচেম্বৰ মাহত শেষ হোৱা ত্ৰৈমাসিকত ভাৰতীয় ষ্টেত বেংকৰ নেট লাভ (SBI Net Profit) ৮,৪৩১.৮৮ কোটি টকালৈ বৃদ্ধি হৈছে। শেহতীয়াকৈ বেংকটোৱে প্ৰকাশ কৰা ইয়া কোৱাৰ্টাৰ্লী প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। বিগত বৰ্ষত একেটা ত্ৰৈমাসিকত এই লাভৰ পৰমাণ আছিল ৫১৯৬.২২ কোটি টকা।

    একেটা ত্ৰৈমাসিকত SBIৰ মুঠ উপাৰ্জন (Total Income) ৭৮,৩৫২ কোটি টকালৈ বৃদ্ধি পায়। বিগত বৰ্ষত একেটা ত্ৰৈমাসিকত এই উপাৰ্জনৰ পৰিমাণ আছিল ৭৫,৯৮১ কোটি টকা। কনচোলিডেটেড বেচিছত SBIৰ নেট লাভ ৫১ শতাংশ বৃদ্ধি পাই ৯৬৯২ কোটি টকা হৈছে যিটো ২০২০–২১ টনত একে ত্ৰৈমাসিকত আছিল ৬৪০২ কোটি টকা।

    বেংকটোৰ নেট ইণ্টাৰেষ্ট ইনকাম  (Net Interest Income) যোৱাবছৰৰ তৃতীয় কোৱাৰ্টাৰৰ ২৮,৮২০ কোটি টকাৰ পৰা এইবছৰ তৃতীয় কোৱাৰ্টাৰত ৩০,৬৮৭ কোটি টকালৈ বৃদ্ধই হৈছে। এই বৃদ্ধি ৬.৪৮ শতাংশ। SBIয়ে কোৱা মতে বেংকৰ পাৰ্ছনেল ৰিটেইল ছেগমেণ্টৰ গৃহ ঋণ (Home Loan), এক্সপ্ৰেছ ক্ৰেডিট কাৰ্ড (Xpress Credit Card) আৰু অন্য ঋণৰ পৰা এই লাভ আহিছে।

    আনহাতে এই ত্ৰৈমাসিকত SBIত জমা ধনৰ পৰিমণ আছিল ৩৮,৪৭,৭৯৪ কোটি টকা। ?োৱাবাৰৰ তুলনাত এইবাৰ জমা ধন বৃদ্ধি হৈছে ৮.৮৩ শতাংশ। ২০২০–২১ বৰ্ষত জমা ধনৰ পৰিমাণ আছিল ২৬,৬৪,৬০২ কোটি টকা।
    Published by:Himangshu Bhuyan
    First published: