দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অব ইণ্ডিয়া (SBI)এ নিজৰ ৪৪ কোটি গ্ৰাহকলৈ এক গুৰুত্বপূৰ্ণ জাননি জাৰি কৰিছে। বেংকে টুইটৰ জৰিয়তে গ্ৰাহকসকলক জনাইছে এই তথ্য আৰু নিজৰ প্ৰয়োজনীয় বেংক সম্পৰ্কীয় কাম ইয়াৰ পূৰ্বেই কৰাৰ বাবে আহ্বান জনাইছে। বেংকে নিজৰ গ্ৰাহকৰ বাবে জনাছে যে বেংকৰ কিছু প্ৰয়োজনীয় সেৱা আজি আৰু কাইলৈ বন্ধ থাকিব।
আচলতে, এছবিআয়ে টুইটাৰযোগে কৈছে যে ছিষ্টেম মেণ্টেইনেন্সৰ বাবে ১৬ আৰু ১৭ জুলাইত বেংকৰ কিছু সেৱা বন্ধ থাকিব। এই সংৱাৰ ভিতৰত আছে ইণ্টাৰনেট বেংকিং, Yono, Yono Lite আৰু UPI সেৱা। এছবিআয়ে কয় যে এই সেৱাসমূহ ১৬ আৰু ১৭ জুলাইৰ নিশা ১০ বাজি ৪৫ মিনিটৰ পৰা মাজনিশা ১.১৫ বজালৈ (১৫০ মিনিট) এইসমূহ উপলব্ধ নহ’ব।