Money : ৪৪০ টকাৰ এবেগ চিমেণ্ট ক্ৰয় কৰি লাখপতি হোৱা ৰহাৰ যুৱক ছাদ্দামে আজি আনুষ্ঠানিকভাবে লাভ কৰিলে ১ লাখ টকাৰ চেক।
Money : ৪৪০ টকাৰ এবেগ চিমেণ্ট ক্ৰয় কৰি লাখপতি হোৱা ৰহাৰ যুৱক ছাদ্দামে আজি আনুষ্ঠানিকভাবে লাভ কৰিলে ১ লাখ টকাৰ চেক।
ভাগ্য সুপ্ৰসন্ন হ'লে সকলো সম্ভৱ হয়। এবেগ চিমেণ্টৰ বস্তাৰ বাবে ভাগ্য ফুলিল ৰহাৰ এজন যুৱকৰ। কিছুদিন পূৰ্বে ৪৪০ টকা মূল্যৰ এক বেগ চিমেণ্ট ক্ৰয় কৰি লাখপতি হোৱা ৰহাৰ এজন যুৱকে আজি আনুষ্ঠানিকভাবে ১ লাখ টকাৰ চেক লাভ কৰিলে ৷ এই সৌভাগ্যশালী যুৱকজন হৈছে ৰহাৰ চৰাইজুৰীয়াৰ ছাদ্দাম হুছেইন ৷
উল্লেখযোগ্য যে ৰহাৰ পুৰণা চাৰিআলিৰ লক্ষী হাৰ্ডৱেৰৰ পৰা প্ৰায় এক সপ্তাহমান পূৰ্বে ৰহাৰ চৰাইজুৰীয়াৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনে ব্লেক টাইগাৰ নামৰ এক বেগ চিমেণ্ট ক্ৰয় কৰিছিল আৰু চিমেণ্ট বেগটো ঘৰত খোলাত এক লাখ টকাৰ কুপন লাভ কৰে। ইয়াৰ পিছতে যুৱকজনে ৰহাৰ পুৰণা চাৰিআলিৰ লক্ষী হাৰ্ডৱেৰৰ সৈতে যোগাযোগ কৰে ।সৌভাগ্যৱান লোকজনৰ সন্দৰ্ভত নিউজ ১৮ৰ ডিজিটেল মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল।
আজি ব্লেক টাইগাৰ চিমেণ্টৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত লক্ষী হাৰ্ডৱেৰত কেক কাটি ছাদ্দামক এক লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ চেক লাভ কৰি যুৱকজন উৎফুল্লিত হৈ পৰাৰ লগতে ৰহাৰ এজন গ্ৰাহক লাখপতি হোৱাত উৎফুল্লিত হয় লক্ষী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীও ৷ উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই বিশেষ অফাৰৰ জৰিয়তে লাখপতি হ’ল ৰহাৰ ছাদ্দাম।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|