உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Changes from 1 January: নতুন বছৰত হ'বলৈ গৈ আছে কেতবোৰ ডাঙৰ পৰিৱৰ্তন, যাৰ প্ৰভাৱ পৰিব আপোনাৰ জেপত

    Changes from 1 January: নতুন বছৰত হ'বলৈ গৈ আছে কেতবোৰ ডাঙৰ পৰিৱৰ্তন, যাৰ প্ৰভাৱ পৰিব আপোনাৰ জেপত

    rules changing from 2022: এটিএম, পোষ্ট অফিচৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্যলৈ সলনি হ'ব নিয়ম।

    rules changing from 2022: এটিএম, পোষ্ট অফিচৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্যলৈ সলনি হ'ব নিয়ম।

    rules changing from 2022: এটিএম, পোষ্ট অফিচৰ পৰা এল পি জি চিলিণ্ডাৰৰ মূল্যলৈ সলনি হ'ব নিয়ম।

    • Share this:

    নতুন বছৰৰ আৰম্ভণিৰ লগে লগে দেখিবলৈ পোৱা যাব ডাঙৰ পৰিৱৰ্তন, যিটোৱে আপোনাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। অহা মাহত পৰিৱৰ্তন হ'বলগীয়া হোৱা নিয়মবোৰৰ ভিতৰত আছে মুখ্যতঃ বেংকিং, ডেবিট আৰু ক্ৰেডিট কাৰ্ড, এলপিজি চিলিণ্ডাৰ (LPG Cylinder) মূল্য। এই ক্ষেত্ৰবোৰত নিয়মবোৰ (Changes from 1 January 2022) ১ জানুৱাৰী, ২০২২ৰ পৰা সলনি হ'ব, যি প্ৰভাৱিত কৰিব আপোনাক।


    ১. ডেবিট ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি হ'ব
    যদি আপুনি ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে, জানি লওক যে অনলাইন কাৰ্ড পৰিশোধৰ নিয়মবোৰ নতুন বছৰৰ পৰা সলনি হ'ব। এই পৰিৱৰ্তনবোৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (Reserve Bank of India)) ১ জানুৱাৰী, ২০২২ৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিবলৈ গৈ আছে। আৰ বি আয়ে সকলো ৱেবছাইট আৰু পেমেণ্ট গেটৱে (payment gateways)ৰ দ্বাৰা ষ্টোৰ কৰা গ্ৰাহকৰ ডাটা বিলোপ কৰি ইয়াৰ ঠাইত লেনদেন কৰিবলৈ এনক্ৰিপ্টেড টোকেন (encrypted tokens) ব্যৱহাৰ কৰিবলৈ কৈছে।


    ২. এটিএমৰ পৰা ধন উলিওৱা ব্যয়বহুল হ'ব
    ১ জানুৱাৰী, ২০২২ৰ পৰা এটিএমৰ (ATM) পৰা ধন উলিওৱাটো আৰু অধিক ব্যয়বহুল হ'ব। RBIৰ নতুন নিয়মৰ অধীনত গ্ৰাহকসকলে এতিয়া নিৰ্ধাৰিত সীমাৰ বাহিৰত এটিএম লেনদেনৰ (ATM transaction limit) বাবে তেওঁলোকৰ পকেট ঢিলা কৰিব লাগিব। ১ জানুৱাৰীৰ পৰা দেশৰ সকলো বেংকে ATM মাচুল ৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ, এতিয়াৰ পৰা লিমিট শেষ হোৱাৰ পিছত আপুনি এটিএমৰ পৰা নগদ ধন উলিওৱাৰ বাবে প্ৰতিবাৰে ২১ টকা পৰিশোধ কৰিব লাগিব। একে সময়তে, গ্ৰাহকে পৃথকে জিএছটি পৰিশোধ কৰিব লাগিব। এয়া বৰ্তমানৰ পৰিমাণ ২০ টকাৰ পৰা অহা মাহত ২১ টকালৈ বৃদ্ধি কৰা হৈছে।


    ৩. ডাকঘৰৰ সৈতে সম্পৰ্কিত নিয়মবোৰ সলনি হ'ব
    ইণ্ডিয়া পোষ্ট পেমেণ্ট বেঙ্কে (IPPB) ঘোষণা কৰিছে যে ই ১ জানুৱাৰী, ২০২২ৰ পৰা শাখাত নগদ ধন উলিওৱা আৰু জমাৰ ওপৰত থকা মাচুল সংশোধন কৰিছে। নতুন নিয়ম অনুসৰি, ১ জানুৱাৰীৰ পিছত যদি এজন আইপিপিবি একাউণ্ট ধাৰকে নিৰ্ধাৰিত বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত ধন জমা কৰে বা উলিয়ায়, তেন্তে তেওঁ অধিক মাচুল পৰিশোধ কৰিব লাগিব। উল্লেখ্য যে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেঙ্ক হৈছে ডাক বিভাগৰ (post office) মালিকানাধীন ইণ্ডিয়া পোষ্টৰ এটা বিভাগ।


    ৪. গুগলৰ বহুতো এপৰ নিয়ম সলনি হ'ব
    গুগলে (Google) অহা মাহৰ পৰা বহুতো নিয়ম সলনি কৰিব, ই আপোনাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব। এই নতুন নিয়মটো গুগল এড (Google Ads), ইউটিউব (YouTube), গুগল প্লে ষ্টোৰ আৰু অন্যান্য পৰিশোধ সেৱাৰ দৰে সকলো গুগল সেৱাত প্ৰযোজ্য হ'ব। যদি আপুনি অহা মাহৰ পৰা RuPay, American Express বা Diners Card ব্যৱহাৰ কৰে, আপোনাৰ কাৰ্ডৰ বিৱৰণ গুগলে সংৰক্ষণ নকৰিব। এই ক্ষেত্ৰত ১ জানুৱাৰী, ২০২২ৰ পৰা আপুনি প্ৰতিটো মেনুৱেল পৰিশোধৰ ওপৰত কাৰ্ডৰ বিৱৰণ প্ৰবিষ্ট কৰিব লাগিব।


    ৫. এলপিজি চিলিণ্ডাৰৰ মূল্য
    তেল কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম তাৰিখত গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে। এইবাৰ এলপিজি গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি পাইনে নাই সেয়া ১ জানুৱাৰীৰ পৰা জানিব পৰা যাব।

    Published by:Gautam Barman
    First published: