Register for e-SHRAM Card: কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে বৃহস্পতিবাৰে দেশৰ অসংগঠিত শ্ৰমিকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ই-শ্ৰম (e-SHRAM) নামৰ এটা পৰ্টেল উদ্বোধন কৰে। এই পৰ্টেলত পঞ্জীয়ন সমগ্ৰ দেশতে আৰম্ভ হৈছে। এই পৰ্টেলৰ সহায়ত, অসংগঠিত শ্ৰমিকৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাটাবেচ সৃষ্টি কৰা হ'ব। কেন্দ্ৰই দাবী কৰিছে যে পঞ্জীয়নৰ পিছত প্ৰায় ৩৮ কোটি শ্ৰমিকক বিভিন্ন লাভালাভৰ অধীনলৈ আনিব পাৰি।
কেনেদৰে পঞ্জীয়ন কৰিব?
ই-শ্ৰমিক পৰ্টেলত পঞ্জীয়নৰ বাবে, প্ৰথমে
https://www.eshram.gov.in/ যাব লাগিব। পঞ্জীয়নৰ বাবে আধাৰ (Aadhaar) নম্বৰ দাখিল কৰিব লাগিব। ইয়াৰ পিছত, প্ৰাক-ডাটাবেচ থকা অসংগঠিত শ্ৰমিকসকলৰ সকলো তথ্য স্বয়ংক্ৰিয়ভাৱে দেখা যাব। ইয়াৰ পিছত আপোনাৰ ম'বাইল নম্বৰসহ বেঙ্ক একাউণ্টৰ তথ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য পূৰণ কৰা হ'ব। তথাপিও, যদি আপুনি কিবা আপডেট কৰিব বিচাৰে, সেইটো কৰিব পাৰি। পঞ্জীয়নৰ পিছত সংশ্লিষ্ট ব্যক্তিজনৰ সাৰ্বজনীন একাউণ্ট নম্বৰৰ সৈতে এক ই-শ্ৰমিক কাৰ্ড জাৰী কৰা হ'ব। অধিক বিৱৰণৰ বাবে ১৪৪৩৪ টা টোল ফ্ৰী নম্বৰ প্ৰৱৰ্তন কৰা হৈছে। আনকি বিভিন্ন ৰাজ্যৰ ৰাজ্য চৰকাৰেও তেওঁলোকৰ কৰ্মচাৰীসকলক পঞ্জীয়ন কৰিব পাৰে।
ইয়াৰ লাভালাভবোৰ কি?
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে (Bhupender Yadav) কয়, "এই পৰ্টেলৰ সহায়ত বহুঅসংগঠিত শ্ৰমিকক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এইটো প্ৰথম বাৰৰ বাবে যে দেশখনে এনে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে যিয়ে শ্ৰমিকসকলক কেন্দ্ৰীয় চৰকাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব"। জানিব পৰা গৈছে যে ই-শ্ৰমিক পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকসকলক ২ লাখ টকাৰ বীমা দিয়া হ'ব। যদি এজন শ্ৰমিক দুৰ্ঘটনাৰ ভুক্তভোগী হয়, যদি তেওঁৰ মৃত্যু হয় বা সম্পূৰ্ণৰূপে অক্ষম হয়, বীমা হিচাপে ২ লাখ টকা পৰিশোধ কৰা হ'ব। আৰু যদি দুৰ্ঘটনাটোত আংশিক অক্ষমতা হয়, বীমা হিচাপে ১ লাখ টকা পৰিশোধ কৰা হ'ব।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameswar Teli) ই-শ্ৰমিক পৰ্টেলত অধিক অসংগঠিত শ্ৰমিকৰ পঞ্জীয়নৰ বাবে আবেদন কৰিছে। তেওঁ আজমেৰ, ডিব্ৰুগড়, চেন্নাই, বাৰাণসীৰ দৰে ডাঙৰ চহৰৰ অসংগঠিত শ্ৰমিকসকলৰ বিষয়ে আলোচনা কৰে। আঁচনিখনৰ লাভালাভবোৰ চৰ্চালৈ অনা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপে জীৱন বীমাৰ ক্ষেত্ৰত দেশৰ অসংগঠিত শ্ৰমিকসকলক বহুতো লাভালাভ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|