உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • ডেনমাৰ্কৰ কোম্পানী Stiesdalৰ সৈতে Relianceৰ অংশীদাৰিত্ব, সৌৰ শক্তিৰ দিশত কাম কৰিব দুয়োটা কোম্পানীয়ে

    ডেনমাৰ্কৰ কোম্পানী Stiesdalৰ সৈতে Relianceৰ অংশীদাৰিত্ব, সৌৰ শক্তিৰ দিশত কাম কৰিব দুয়োটা কোম্পানীয়ে

    দুয়োটা কোম্পানীয়ে যুটীয়াভাৱে হাইড্ৰজেন ইলেকট্ৰ'লাইজাৰ (hydrogen electrolysers) নিৰ্মাণ কৰিব।

    দুয়োটা কোম্পানীয়ে যুটীয়াভাৱে হাইড্ৰজেন ইলেকট্ৰ'লাইজাৰ (hydrogen electrolysers) নিৰ্মাণ কৰিব।

    দুয়োটা কোম্পানীয়ে যুটীয়াভাৱে হাইড্ৰজেন ইলেকট্ৰ'লাইজাৰ (hydrogen electrolysers) নিৰ্মাণ কৰিব।

    • Share this:

    ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ১২ অক্টোবৰত ঘোষণা কৰে যে ইয়াৰ সৌৰ গোট ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰ লিমিটেডে (RNESL) Stiesdal A/Sৰ সৈতে অংশীদাৰিত্ব কৰিছে। এতিয়া দুয়োটা কোম্পানীয়ে যুটীয়াভাৱে হাইড্ৰজেন ইলেকট্ৰ'লাইজাৰ (hydrogen electrolysers) নিৰ্মাণ কৰিব। ৰিলায়েন্স নিউ এনাৰ্জী ছ'লাৰ লিমিটেডৰে পাৰ্টনাৰশ্বিপত অহা Stiesdal A/S হৈছে ডেনমাৰ্কৰ কোম্পানী। ই জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ সৈতে সম্পৰ্কিত বাণিজ্যিকীকৃত প্ৰযুক্তি নিৰ্মাণত জড়িত।


    ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী ৰূপে ৭ জুনত অন্তৰ্ভুক্ত কৰা আৰ.এন.ই.এছ.এল.(RNESL)এ শেহতীয়াকৈ 771 নিযুত ডলাৰত REC ছলাৰ ক্ৰয় কৰি সৌৰ শক্তিৰ ব্যৱসায়ত প্ৰৱেশ কৰিছিল।


    চুক্তি স্বাক্ষৰৰ পিছত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে কয়– "আমি ৰিলায়েন্সৰে Stiesdal A/S সৈতে হোৱা এই সহযোগিতা চুক্তিক  'গ্ৰহ যত্ন' আৰু 'মানুহৰ যত্ন'ৰ দৰ্শন ৰূপায়ণ কৰাৰ আন এক সুযোগ হিচাপে দেখিছোঁ। আমাৰ বৃহৎ সৌৰ শক্তিৰ উৎসৰ পৰা লাভান্বিত হৈ সেউজ শক্তিলৈ ভাৰতৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ দিশত আৰু এই উদ্দেশ্য পূৰণৰ বাবে উদ্ভাৱনীমূলক আৰু অগ্ৰণী প্ৰযুক্তি বৃদ্ধিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমাৰ লক্ষ্য হৈছে ভাৰতৰ বজাৰত সেৱা আগবঢ়োৱাৰ বাবে Stiesdal A/Sৰ জলবায়ু প্ৰযুক্তিৰ আকৰ্ষণীয় পৰ্টফলিঅ'ৰ সুবিধা লোৱা আৰু এই পৰ্টফলিঅ'টোক এক গোলকীয় গতি নিৰ্ধাৰণকাৰী হিচাপে গঢ়ি তোলাৰ বাবে একেলগে কাম কৰা। "


    তেওঁ লগতে উল্লেখ কৰে যে ৰিলায়েন্সে এই বছৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

    আনহাতে, Stiesdal A/Sৰ মুখ্য কাৰ্যবাহী বিষয়া হেনৰিখ ষ্টিছডালে কয় ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰ লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ পাই উৎসাহিত। দুয়োটা কোম্পানীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে তেওঁ।

    Published by:Gautam Barman
    First published: