• Home
  • »
  • News
  • »
  • business
  • »
  • Reliance Industries: সৌৰশক্তি ক্ষেত্ৰত ৰিলায়েন্সৰ বৃহৎ চুক্তি, নৰৱেৰ আৰইচি ৫৭৯২ কোটি টকাত অধিগ্ৰহণ

Reliance Industries: সৌৰশক্তি ক্ষেত্ৰত ৰিলায়েন্সৰ বৃহৎ চুক্তি, নৰৱেৰ আৰইচি ৫৭৯২ কোটি টকাত অধিগ্ৰহণ

'ই ভাৰতক জলবায়ু সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত আৰু সেউজ শক্তিৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাত সহায় কৰিব।''- মুকেশ আম্বানি

'ই ভাৰতক জলবায়ু সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত আৰু সেউজ শক্তিৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাত সহায় কৰিব।''- মুকেশ আম্বানি

'ই ভাৰতক জলবায়ু সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত আৰু সেউজ শক্তিৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাত সহায় কৰিব।''- মুকেশ আম্বানি

  • Share this:

সৌৰ শক্তি ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এক ডাঙৰ চুক্তি কৰিছে। ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰে (Reliance New Energy Solar) দেওবাৰে (১০ অক্টোবৰ) প্ৰকাশ কৰা অনুসৰি  ৫৭৯২ কোটি টকাত ($771 million) আৰইচি সৌৰ হোল্ডিংছ (REC Solar Holdings) অধিগ্ৰহণ কৰিছে।


ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (RIL)ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰ লিমিটেডে (RNESL) চাইনা নেচনেল ব্লুষ্টাৰ (গ্ৰুপ) কোম্পানী লিমিটেডৰ পৰা আৰ.ই.চি. ছ'লাৰ হোল্ডিংছ এ.এছৰ ১০০ শতাংশ অংশ অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। এই তথ্য ৰিলায়েন্স নিউ এনাৰ্জি ছ'লাৰে বিএছই ফাইলিঙত দিছিল।


ৰিলায়েন্সৰ বাবে এই চুক্তি গুৰুত্বপূৰ্ণ
ৰিলায়েন্সৰ নিউ এনাৰ্জি ভিজনৰ বাবে বিশ্বব্যাপী ফটোভল্টিক (পিভি) মেনুফেকচাৰিং প্লেয়াৰ নিৰ্মাণৰ বাবে এই অধিগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। এই অধিগ্ৰহণে ৰিলায়েন্স গ্ৰুপক ২০৩০ চনৰ ভিতৰত সৌৰ শক্তিৰ ১০০ গিগাৱাট উৎপাদনৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব। এই বছৰৰ ভিতৰত ভাৰতে ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে।


১৯৯৬ চনত স্থাপন কৰা হৈছিল REC
নৰৱেৰ মুখ্য কাৰ্যালয়ত REC ১৯৯৬ চনত স্থাপিত হৈছিল। ইয়াৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় ছিংগাপুৰত আছে। লগতে উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু এছিয়াত ইয়াৰ আঞ্চলিক কেন্দ্ৰও আছে। কোম্পানীটোৰ ৬০০ৰো অধিক ইউটিলিটি আৰু ডিজাইন পেটেন্ট (ইউটিলিটি আৰু ডিজাইন পেটেন্ট) আছে, যাৰ ভিতৰত ৪৪৬খন অনুমোদিত হৈছে। আৰইচিয়ে মূলত গৱেষণা আৰু বিকাশক গুৰুত্ব দি অহা এটা কোম্পানী।


ৰিলায়েন্সে জামনগৰৰ ধীৰুভাই আম্বানী গ্ৰীন এনাৰ্জী গিগা কমপ্লেক্সত ইয়াৰ চিলিকন-টু-পিভি-পেনেল গিগা ফেক্টৰীত আৰইচি ছ'লাৰৰ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। এইটো প্ৰতি বছৰে ৪ গিগাৱাট ক্ষমতাৰে আৰম্ভ হ'ব। সময়ৰ লগে লগে ইয়াক বছৰি ১০ গিগাৱাট ক্ষমতালৈ বৃদ্ধি কৰা হ'ব।


ভাৰতীয় উপমহাদেশত আৰইচি ছ'লাৰৰ ক্ষমতা ৫,০০০ মেগাৱাট। আৰইচিৰ ৱেবছাইটত দাবী কৰা হৈছে যে ইয়াৰ ছাদত লগোৱা পেনেলবোৰ কমেও ২৫ বছৰ ধৰি চলিব পাৰে।


পৰিষ্কাৰ আৰু গ্ৰীন এনাৰ্জীৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিব


এই অধিগ্ৰহণ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানি ( Mukesh Ambani )য়ে কয়– "মই আৰ ই চিৰ অধিগ্ৰহণত অত্যন্ত সুখী, কিয়নো ই সূৰ্য দেৱৰ সীমাহীন আৰু বছৰজোৰা সৌৰ শক্তি ব্যৱহাৰ কৰাত সহায় কৰিব। দশকটো শেষ হোৱাৰ আগতে ৰিলায়েন্সৰ ১০০ গিগাৱাট পৰিষ্কাৰ আৰু সেউজ শক্তি সৃষ্টিৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে নতুন আৰু উন্নত প্ৰযুক্তি আৰু কাৰ্যকৰী ক্ষমতাত বিনিয়োগ কৰাৰ ৰিলায়েন্সৰ ৰণনীতিৰ সৈতে এই অধিগ্ৰহণ সামঞ্জস্যপূৰ্ণ। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে আৰু ইয়াক প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত একক কোম্পানীৰ আটাইতকৈ ডাঙৰ অৱদান হ'ব। ই ভাৰতক জলবায়ু সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত আৰু সেউজ শক্তিৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাত সহায় কৰিব।"


৪৪তম এজিএমত New Energyক লৈ চৰ্চা
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ৪৪তম এজিএমত নতুন শক্তিৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল যে কোম্পানীটোৱে ইয়াৰ পৰিৱেশ-অনুকূল পদক্ষেপৰ অধীনত ৪ গিগা ফেক্টৰী স্থাপন কৰিব। কোম্পানীটোৱে ২০২১ চনত আৰ.আই.এল. নেতৃত্বৰ সৈতে New Energy Biz মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াত RILৰ নেতৃত্ব থাকিব। আঁচনিখনৰ অধীনত কোম্পানীটোৱে ধীৰুভাই আম্বানি সেউজ শক্তি গিগা কমপ্লেক্স স্থাপন কৰিব, যাৰ অধীনত ৪টা কাৰখানা স্থাপন কৰা হ'ব।

Published by:Gautam Barman
First published: