লাইভমিণ্টৰ মতে আমেৰিকাৰ ফেডাৰেল বেংকে (Federal Bank of America) সূতৰ হাৰ বৃদ্ধি কৰাৰ বাবে আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine War) বাবে সোণৰ দাম বাঢ়িছে। ইয়াৰ মাজতে দেশত এতিয়া বিয়াৰ বতৰ (Wedding Season In India) আৰম্ভ হ'বলৈ গৈ আছে। নতুন বছৰ পৰাৰ লগে লগে ধুম-ধামেৰে বিয়াবোৰ হ'ব। ব'হাগৰ আৰম্ভণিৰ পৰাই হ'ব লগা বিয়াৰ বাবে এতিয়াৰ পৰাই সোণৰ বজাৰত ধুম-ধাম আৰম্ভ হৈছে। বজাৰ বিশেষজ্ঞসকলে অনুমান কৰা মতে এই সময়ত MCXত সোণৰ দাম বৃদ্ধি হৈ ৫৩,৫০০ টকাৰ পৰা ৫৬,৭০০ টকালৈ বাঢ়িব পাৰে।
বিশেষজ্ঞসকলে কোৱা মতে আমেৰিকাৰ খুচুৰা বিক্ৰী আৰু মূল্যবৃদ্ধিয়ে সোণৰ দাম বৃদ্ধিত ইন্ধন যোগাব পাৰে। একে সময়তে চীনত কোৰোণাৰ (Corona in China) নতুন সংক্ৰমণো বিশ্ব অৰ্থনীতিৰ বাবে ভাল নহয়। ইপিনে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ যদি দীঘলীয়া হয় তেন্তে সমগ্ৰ ইউৰোপকে ধৰি বিশ্বত এক অনিশ্চয়তাই বিৰাজ কৰিব আৰু ইয়াৰ ফলত সুৰক্ষিত বিনিয়োগ হিচাপে মানুহে সোণ কিনিবলৈ ধৰিব ফলত সোণৰ দাম বাঢ়িব।
এনেবোৰ কাৰণতে আগন্তুক দিনবোৰত সোণৰ মূল্যবৃদ্ধি হোৱাটো খাটাং। এনেয়েও ভাৰতত বিয়াৰ বতৰত সোণৰ দাম উৰ্ধমুখী হয়।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 10, 2022, 11:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।