অচিৰেই মূল্যবৃদ্ধি (Price Rise)ৰ পৰা সকাহ পোৱাৰ আশা নাই দেশবাসীৰ। কিয়নো প্ৰতিমাহে মুদ্ৰাস্ফীতি (inflation)ৰ হাৰ তীব্ৰ গতিত উৰ্ধগামী হৈ আছে। মুদ্ৰাস্ফীতিৰ এই দ্ৰুত গতি ৰোধ নহ'লে খাদ্য সামগ্ৰীকে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ পৰা দেশবাসীয়ে সকাহ পোৱাৰ কোনো আশা নাই।
বৃহস্পতিবাৰে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি (retail inflation) এপ্ৰিল মাহত আঠ বছৰৰ সৰ্বোচ্চ 7.79% লৈ বৃদ্ধি পাইছে।
মাৰ্চ মাহত দেশৰ গ্ৰাম্য মুদ্ৰাস্ফীতি 8.38% বনাম 7.66% লৈ বৃদ্ধি পাইছে আৰু নগৰীয় মুদ্ৰাস্ফীতি মাৰ্চত 7.09% বনাম 6.12% হৈছে। উল্লেখ্য যে খুচুৰা মুদ্ৰাস্ফীতি উপভোক্তা মূল্য সূচক (Consumer Price Index) চমুকৈ চিপিআই (CPI)ৰ দ্বাৰা জোখা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|