ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডে (Reliance Retail Ventures Limited – RRVL) আন এক ডাঙৰ চুক্তি কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (Reliance Industries Limited) সহায়ক কোম্পানী ৰিলায়েন্স ৰিটেইলে বিলাসী ফেশ্বন ব্ৰেণ্ড আব্ৰাহাম এণ্ড ঠাকোৰ এক্সপোৰ্টছ প্ৰাইভেট লিমিটেডত এক ডাঙৰ বিনিয়োগ কৰিছে। দুয়োটা কোম্পানীয়ে ফেশ্বন আৰু খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰিবলৈ হাত মিলাইছে।
ৰিলায়েন্স ৰিটেইলে কয় যে অংশীদাৰিত্বটোৰ ফলত ডিজিটেল, খুচুৰা বিপণন আৰু যোগান শৃংখলা প্লেটফৰ্মত কোম্পানীটোৱে ভাল ফলাফল লাভ কৰিব।
উল্লেখ্য, ডেভিদ আব্ৰাহাম আৰু ৰাকেশ ঠাকোৰে ১৯৯২ চনত এই উদ্যোগটো আৰম্ভ কৰিছিল। পিছলৈ ই আব্ৰাহাম আৰু থাকোৰ (Abraham & Thakore, A&T) নামেৰে বিখ্যাত হয়। লাউঞ্জৱেৰ আৰু হোম কালেকচনৰ সৈতে বজাৰত প্ৰৱেশ কৰা এ এণ্ড টি প্ৰথম আছিল।
ব্ৰেণ্ডটোৱে প্ৰথমে ইয়াৰ সামগ্ৰীবোৰ লণ্ডনৰ কনৰান শ্বপৰ দৰে গ্লোবেল ষ্ট'ৰত আৰু পিছত লিবাৰ্টি, ব্ৰাউনছ, হেৰডছ আৰু চেলফ্ৰিজৰ দৰে দোকানত বিক্ৰী কৰা আৰম্ভ কৰিছিল। প্ৰায় ১৫ বছৰ ধৰি আন্তৰ্জাতিক দোকানত খুচুৰা বিক্ৰী কৰাৰ পিছত ব্ৰেণ্ডটো এতিয়া ভাৰতত প্ৰৱেশ কৰিছে।
"মিত্ৰতা শক্তিশালী কৰা হ'ব।"
ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ লিমিটেডৰ সঞ্চালক ঈশা আম্বানিয়ে (Isha Ambani) এই অংশীদাৰিত্বৰ বিষয়ে কয়- ''আব্ৰাহাম আৰু ঠাকোৰে পৰম্পৰাগত বস্ত্ৰ কৌশলৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ ডিজাইন প্ৰস্তুত কৰে। ভাৰতীয় বিলাসী গ্ৰাহকৰ বৰ্ধিত সংখ্যাৰ সৈতে এনে সামগ্ৰীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। ই আমাৰ মিত্ৰতাক শক্তিশালী কৰিব।''
আনহাতে, ডেভিদ আব্ৰাহামে কয়- ''আমি ৰিলায়েন্স ৰিটেইলৰ সৈতে চুক্তিবদ্ধ হ'বলৈ অতি উৎসাহিত। এই অংশীদাৰিত্বৰ জৰিয়তে আমি ব্ৰেণ্ডটোৰ উপস্থিতি সম্প্ৰসাৰিত কৰিম আৰু ফেশ্বন আৰু জীৱনশৈলী সংগ্ৰহ একত্ৰিত কৰিম। ইয়াত ঘৰুৱা সামগ্ৰী আৰু লাউঞ্জ অন্তৰ্ভুক্ত থাকিব।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|