উদ্যোগপতি মুকেশ আম্বানি(Mukesh Ambani)ৰ নেতৃত্বত ৰিলায়েন্স ৰিটেইল (Relience Retail)-এ ২৫ বছৰ পুৰণি ছাৰ্চ এণ্ড ডিস্কোভাৰী ফাৰ্ম জাষ্ট ডায়েল (Just Dial)ত একক নিয়ন্ত্ৰণ অৰ্থাত Sole Control লাভ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ (RIL)ৰ সহায়ক সংস্থা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেড (RRVL)–এ জুলাইত জাষ্ট ডায়েলত ৩,৪৯৭ কোটি টকাত নিয়ন্ত্ৰিত অংশ (controlling stake) ক্ৰয় কৰাৰ চুক্তি ঘোষণা কৰিছিল।
ৰিলায়েন্স ৰিটেইলে ছেবি (SEBI) টেকঅভাৰ ৰেগুলেচন অনুসৰি জাষ্ট ডায়েল লিমিটেডত একক নিয়ন্ত্ৰণ লৈছে। ই ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হয়। ২০ জুলাই, ২০২১ তাৰিখে ৰিলায়েন্স ৰিটেইলে জাষ্ট ডায়েলৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভিএছএছ মণিৰ সৈতে এক ব্লক চুক্তিত জাষ্ট ডায়েলৰ প্ৰতি শ্বেয়াৰত ১০ টকা মূল্যৰ ১.৩১ কোটি ইকুইটি শ্বেয়াৰ ক্ৰয় কৰিছিল। এই ক্ৰয় প্ৰতি ইকুইটি শ্বেয়াৰত ১,০২০ টকা মূল্যত কৰা হৈছিল।
২৬ শতাংশ অংশ ক্ৰয় কৰাৰ বাবে মুকলি প্ৰস্তাৱ
১ ছেপ্টেম্বৰ, ২০২১ তাৰিখে জাষ্ট ডায়েলে ৰিলায়েন্স ৰিটেইলক অগ্ৰাধিকাৰমূলক ইছ্যু অনুসৰি প্ৰতি ইকুইটি শ্বেয়াৰত ১,০২২.২৫ টকা মূল্যত ১০ টকাৰ প্ৰতি শ্বেয়াৰত ২.১২ কোটি ইকুইটি শ্বেয়াৰ আৱণ্টন কৰিছিল। এই শ্বেয়াৰে মূলধনৰ ২৫.৩৫ শতাংশ প্ৰতিনিধিত্ব কৰে। ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ এতিয়া জাষ্ট ডায়েলত মুঠ ৪০.৯৮ শতাংশ অংশ আছে। আৰ আৰ ভি এলে এতিয়া জাষ্ট ডায়েলৰ আন অংশীদাৰসকলৰ পৰা ২৬ শতাংশ অংশীদাৰিত্ব মুকলিকৈ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিব।
জাষ্ট ডায়েল কিমান জনপ্ৰিয়
জাষ্ট ডায়েলে ইয়াৰ ৱেবছাইট, ম'বাইল এপ আৰু টেলিফোন লাইনৰ জৰিয়তে স্থানীয় অনুসন্ধান আৰু ই-কমাৰ্চ সেৱা প্ৰদান কৰে। স্থানীয় প্লাম্বাৰৰ পৰা হোটেল আৰু হাউচকিপিং সেৱালৈকে, কেৱল 8888888888 ডায়েল কৰি সোধা–পোচা কৰিব পাৰি। ৩১ মাৰ্চ, ২০২১ তাৰিখে, জাষ্ট ডায়েলৰ ৱেব, ম'বাইল, এপ আৰু ভইচ প্লেটফৰ্মত ৩.০৪ কোটি তালিকাভুক্ত আৰু ১২.৯১ কোটি ত্ৰৈমাসিক অনন্য ব্যৱহাৰকাৰী আছিল। কোম্পানীটোৱে শেহতীয়াকৈ ইয়াৰ B2B মাৰ্কেটপ্লেচ প্লেটফৰ্ম JD মাৰ্ট মুকলি কৰিছে, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ লাখ লাখ নিৰ্মাতা, বিতৰক, পাইকাৰী বিক্ৰেতা, ৰিটেইলাৰসকলক covid যুগত ইণ্টাৰনেটৰ বাবে সাজু হ'বলৈ, নতুন গ্ৰাহক প্ৰাপ্ত কৰিবলৈ আৰু তেওঁলোকৰ সামগ্ৰী অনলাইনত বিক্ৰী কৰিবলৈ সক্ষম কৰা।
উল্লেখ্য যে আৰ আৰ ভি এল হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ এটা সহায়ক কোম্পানী। ৰিলায়েন্স ৰিটেইল হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু লাভজনক ৰিটেইলাৰ। ইয়াক বিশ্বৰ দ্ৰুততম বিকাশশীল খুচুৰা বিক্ৰেতাসকলৰ মাজত তালিকাভুক্ত কৰা হৈছে। ৰিটেইল চেলচ ২০২১ ইণ্ডেক্সত ই ৫৩তম স্থানত আছে আৰু ই একমাত্ৰ ভাৰতীয় কোম্পানী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|