জাষ্ট ডায়েল লিমিটেডৰ ৪০.৯৫ শতাংশ Stake ৩,৪৯৭ কোটি টকাত অধিগ্ৰহণ কৰিলে ৰিলায়েন্স ৰিটেল ভেঞ্চাৰছ লিমিটেড বা RRVL-এ। শুকুৰবাৰে এই ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে। চেবি টেকওভাৰ ৰেগুলেশ্যন অনুসৰি, জাষ্ট ডায়েলৰ অতিৰিক্ত ২.১৭ কোটি পৰ্যন্ত ইক্যুয়িটী শ্বেয়াৰ অধিগ্ৰহণৰ বাবে আৰআৰভিএলে অ'ফাৰ দিব বুলিও জনাৱো হৈছে।
জাষ্ট ডায়েলৰ প্ৰতিষ্ঠাতা ভিএছএছ মণিয়ে মেনেজিং ডিৰেক্টৰ এণ্ড চিইও হিচাপে পৰৱৰ্তী কাৰ্যভাৰ সম্পন্ন কৰিব বুলি জনোৱা হৈছে। সংস্থাৰ ডিৰেক্টৰ ইশা আম্বানীয়ে জনাইছে যে, 'জাষ্ট ডায়েলৰ সহযোগী হ'বলৈ পাই ৰিলায়েন্স সন্তুষ্ট। ভিএছএছ মণিয়ে ইতিমধ্যে অসাধাৰণ বাণিজ্য স্থাপন কৰিছে। জাষ্ট ডায়েলৰ দক্ষ মেনেজমেণ্টৰ সৈতে একেলগে কাম কৰিবলৈ আমি আগ্ৰহী।'
জাষ্ট ডায়েলৰ প্ৰতিষ্ঠাতা ভিএছএছ মণিয়ে কৈছে যে, ' প্ৰায় ২৫ বছৰ পূৰ্বে আমাৰ লক্ষ্য আছিল সংযক্ত এখন মঞ্চ তৈয়াৰ কৰা। লগতে ক্ৰেতা আৰু বিক্ৰেতাক একেটা এপৰ কাষ চপাই নিয়া। ৰিলায়েন্সৰ সৈতে আমাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বীপে এই লক্ষ্য পূৰণৰ সমান্তৰালকৈ ব্যৱসায়ক এক গতি প্ৰদান কৰাত সহায় কৰিব।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 17, 2021, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।