உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Reliance Retail : ফেশ্বন মানেই ৰিলায়েঞ্চ, পোছাকৰ ব্ৰেণ্ড ক্লোভিয়াৰ ৮৯ শতাংশ শ্বেয়াৰ ক্ৰয় ৰিলায়েঞ্চৰ

    Reliance Retail : ফেশ্বন মানেই ৰিলায়েঞ্চ, পোছাকৰ ব্ৰেণ্ড ক্লোভিয়াৰ ৮৯ শতাংশ শ্বেয়াৰ ক্ৰয় ৰিলায়েঞ্চৰ

    মহিলাসকলৰ পোছাক আৰু লাউঞ্জৱেৰৰ বাবে এক ব্ৰিজ–টু–প্ৰিমিয়াম D2C ব্ৰেণ্ড এয়া।

    মহিলাসকলৰ পোছাক আৰু লাউঞ্জৱেৰৰ বাবে এক ব্ৰিজ–টু–প্ৰিমিয়াম D2C ব্ৰেণ্ড এয়া।

    মহিলাসকলৰ পোছাক আৰু লাউঞ্জৱেৰৰ বাবে এক ব্ৰিজ–টু–প্ৰিমিয়াম D2C ব্ৰেণ্ড এয়া।

    • Share this:
    ক্লোভিয়া (Clovia) মহিলাসকলৰ আভ্যন্তৰীণ পোছাক আৰু লাউঞ্জৱেৰৰ বাবে বিখ্যাত এটা ব্ৰেণ্ড। পাৰ্বল পাণ্ডা ফেশ্বনছ প্ৰাইভেট লিমিটেডৰ মালিকানাধীন আৰু পৰিচালিত এই প্ৰতিষ্ঠানটো।

    ক্লোভিয়া ২০১৩ চনত আৰম্ভ হৈছিল। পংকজ বাৰ্মানি, নেহা কান্ত আৰু সুমন চৌধুৰীৰ দ্বাৰা এই প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি হৈছিল। মহিলাসকলৰ পোছাক আৰু লাউঞ্জৱেৰৰ বাবে এক ব্ৰিজ–টু–প্ৰিমিয়াম D2C ব্ৰেণ্ড এয়া।

    এই প্ৰতিষ্ঠানটো অধিগ্ৰহণৰ মাধ্যমেৰে ৰিলায়েঞ্চে (Reliance Retai ইতিমধ্যে জিভামি (Zivame) আৰু আমান্তে (Amante) ব্ৰেণ্ডবোৰ অধিগ্ৰহণ কৰিছে। আভ্যন্তৰীণ পোছাকৰ ক্ষেত্ৰত তাৰ প’ৰ্টফলিঅ’ত আৰু এটা ব্ৰেণ্ড সংযুক্ত কৰিছে পোছাক প্ৰস্তুতকাৰী সংস্থাটোৱে।

    বিনিয়োগ সম্পৰ্কে ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডৰ (RRVL) ডিৰেক্টৰ ইশা আম্বানীয়ে (Isha Ambani) কয়, ‘‘ৰিলায়েঞ্চে সকলো সময়তে গ্ৰাহকৰ পছন্দ আৰু কম মূল্যত উৎকৃষ্ট মানৰ কাপোৰ বিক্ৰী কৰে। আমি আমাৰ প’ৰ্টফলিঅ’ত গুণমান আৰু ডিজাইনৰ অভিনৱত্বত পোছাকৰ ব্ৰেণ্ড ‘ক্লোভিয়া’ক যোগ কৰিবলৈ পাৰি আনন্দিত। আমাৰ ব্যৱসায় আৰু ঊৰ্ধ্বমুখী কৰিবলৈ আৰু গ্ৰাহকক আকৰ্ষণ কৰিবলৈ আমি ক্লোভিয়াৰ সৈতে কাম কৰা আৰম্ভ কৰিছো। আশা কৰিছো আগন্তুক কেইটামান মাহৰ ভিতৰত মহিলাসকলৰ পোছাকৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব।’’

    ক্লোভিয়াৰ প্ৰতিষ্ঠাতা আৰু চিইঅ’ পংকজ ভাৰ্মানিয়ে জনায়, আম্বানীৰ চিন্তাধাৰাৰ সৈতে সামঞ্জস্যপূৰ্ণ বিশ্বমানৰ ডিজাইন আৰু আধুনিক ফেশ্বনৰ পোছাক দিবলৈ সক্ষম হ’ব এই প্ৰতিষ্ঠানটোৱে। তেওঁ কয়, ‘‘এই অংশীদাৰিত্বৰ মাধ্যমেৰে আমি ব্ৰেণ্ডৰ আৰু বেছি প্ৰচাৰ কৰিব পাৰিম। এই বিভাগত বিশ্বমানৰ গুণমান, ডিজাইন আৰু ফেশ্বনৰ পোছাকৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত আৰু অধিক আকৰ্ষণীয় হৈ পৰিব আমাৰ পোছাক। ক্লোভিয়া এই পোছাকৰ আটাইতকৈ প্ৰিয় ব্ৰেণ্ড। গ্ৰাহকে আকৰ্ষণীয় মূল্যত লাভ কৰিব পোছাক সামগ্ৰী।’’

    চলিত মাহত এয়া ৰিলায়েঞ্চ ৰিটেইলৰ এয়া দ্বিতীয় অধিগ্ৰহণ। ইয়াৰ পূৰ্বে পহিলা মাৰ্চত কোম্পানীটোৱে ত্ৰিশ বছৰীয়া ডিজাইনাৰ ব্ৰেণ্ড আব্ৰাহাম এণ্ড ঠাকোৰৰ (A&T) এক বিপুল অংশৰ বাবে বিনিয়োগৰ ঘোষণা কৰিছিল।

    RRVL হ’ল ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ এটা ছাবচিডিয়েৰি আৰু আৰআইএল গ্ৰুপৰ অধীনত সমস্ত খুচুৰা কোম্পানীৰ হোল্ডিং কোম্পানী। RRVL ৩১ মাৰ্চ, ২০২১ বৰ্ষৰ বিত্তীয় বৰ্ষত ১৫৭৬২৯ কোটি টকাৰ ($২১.৬ বিলিয়ন) আৰু ৫৪৮১ কোটি টকা ($৭৫০ মিলিয়ন) নেট লাভ কৰিছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই সদৰি কৰিছে।
    Published by:Sanjay Kumar Das
    First published: