কাষ্টমাৰ ফাৰ্ষ্ট। এয়াই আছিল ৰিলায়েন্স জিঅ' (Reliance Jio)ৰ প্ৰতিশ্ৰুতি। আৰু সেইটোৱেই তেওঁলোকে পালন কৰিবলৈ চেষ্টা কৰি আছে। জিঅ'ই কম দামত ভাল সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেয়েহে এইবাৰ জিঅ'ই এটা নতুন টেৰিফ প্লেন আৰম্ভ কৰিছে। নতুন টেৰিফ প্লেন ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব।
কোম্পানীটোৰ তৰফৰ পৰা এটা বিবৃতিত উল্লেখ কৰা হৈছে- আমি টেলিকম উদ্যোগক সঠিক দিশ দিবলৈ সংকল্পবদ্ধ, আমি প্ৰতিজন ভাৰতীয়ক এটা প্ৰকৃত ডিজিটেল জীৱন দিবলৈ সংকল্পবদ্ধ। আৰু সেয়েহে আমাৰ নতুন টেৰিফ প্লেন ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। নতুন টেৰিফ প্লেন অনুযায়ী আগৰ তুলনাত প্ৰতিটো আনলিমিটেড প্লেন (unlimited plans) ব্যয়বহুল হৈছে। উদাহৰণস্বৰূপে, প্ৰতি মাহে ২ জিবি ডাটা, সীমাহীন ভইচ কল আৰু ৩০০ এছএমএছ বিনামূলীয়া আঁচনিৰ মূল্য প্ৰতি মাহে ১২৯ টকা আছিল। এইবাৰ সেয়া হৈছে ১৫৫ টকা।
একেদৰে, প্ৰতিদিনে ১ জিবি ডাটা (২৪ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য আছিল ১৪৯ টকা, এইবাৰ হৈছে ১৭৯ টকা। প্ৰতিদিনে ১.৫ জিবি ডাটা (২৮ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য ১৯৯ টকাৰটো এতিয়া হৈছে ২৩৯ টকা।
প্ৰতিদিনে ২ জিবি ডাটা (২৮ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য আছিল ২৪৯ টকা। ইয়াৰ নতুন মূল্য ১ ডিচেম্বৰৰ পৰা ২৯৯ টকা। প্ৰতিদিনে ১.৫ জিবি ডাটা (৫৬ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ আঁচনিৰ মূল্য ৩৯৯ টকা আছিল। এইবাৰ নতুন মূল্য ৪৭৯ টকা। প্ৰতিদিনে ২ জিবি ডাটা (৫৬ দিনৰ বাবে), সীমাহীন ভইচ কল, ১০০ এছএমএছ প্লেনৰ মূল্য ৪৪৪ টকাৰ পৰা হৈছে ৫৩৩ টকা। একেদৰে, প্ৰতিটো প্লেনৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। ডাটা এড-অন আঁচনিৰ মূল্যও বাঢ়িছে। ৬ জিবি ডাটা আগতে ৫১ টকাত উপলব্ধ আছিল। এইবাৰ এয়া ৬১ টকাত উপলব্ধ হ'ব। ১২ জিবি হৈছেগৈ ১০১ টকাৰ পৰিৱৰ্তে ১২১ টকা। ৫০ জিবি হৈছে ২৫১ টকাৰ পৰিৱৰ্তে ৩০১ টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।