ৰিলায়েন্স জিও! দেশৰ টেলিকম ইণ্ডাষ্ট্ৰীজত খোজ দিয়াৰ পিছৰ পৰাই একপ্ৰকাৰ দপদপাই আছে মুকেশ আম্বানীৰ টেলিকম সংস্থাই।
ৰিলায়েন্স জিও! দেশৰ টেলিকম ইণ্ডাষ্ট্ৰীজত খোজ দিয়াৰ পিছৰ পৰাই একপ্ৰকাৰ দপদপাই আছে মুকেশ আম্বানীৰ টেলিকম সংস্থাই।
ৰিলায়েন্স জিও! দেশৰ টেলিকম ইণ্ডাষ্ট্ৰীজত খোজ দিয়াৰ পিছৰ পৰাই একপ্ৰকাৰ দপদপাই আছে মুকেশ আম্বানীৰ টেলিকম সংস্থাই। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় কোৱাৰ্টাৰত ব্যাপক লাভৰ মুখ দেখিলে জিওই। ছেপ্তেম্বৰ ২০২১ৰ হিচাপত কোৱা হৈছে যে, সংস্থাৰ নেট লাভ হৈছে ৩,৫২৮ কোটি টকা।
ইয়াৰ পূৰ্বে জুন মাহৰ প্ৰথম ত্ৰৈমাসিকত জিওৰ নেট প্ৰফিট আছিল ৩,৫০১ কোটি টকা। অর্থাৎ দ্বিতীয় ত্ৰৈমাসিকত সামান্য হলেও লাভৰ মুখ দেখিছে সংস্থাই। ইয়াৰ লগতে ৰেভিনিউৰ ফালৰ পৰাও পূৰ্বৰ কোৱাৰ্টাৰতকৈ ৪ শতাংশ বেছি ১৮,৭৩৫ কোটি টকা লাভ হৈছে দ্বিতীয় ত্ৰৈমাসিকত।
উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰতিটো ক্ষেত্ৰতে ব্যাপক লাভৰ মুখ দেখিছে আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে। প্ৰায় ৪৬ শতাংশ লাভৰ পৰিমাণ বৃদ্ধি পাইছে সংস্থাৰ। যাৰ লাভৰ পৰিমাণ হৈছেগৈ ১৫,৪৭৯ কোটি টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|