• Home
  • »
  • News
  • »
  • business
  • »
  • Reliance Jio Q1 Results: বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকতে ৰিলায়েন্স জিঅ’ৰ নেট লাভ ২৪ শতাংশ বৃদ্ধি

Reliance Jio Q1 Results: বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকতে ৰিলায়েন্স জিঅ’ৰ নেট লাভ ২৪ শতাংশ বৃদ্ধি

Reliance Jio Q1 Results | Net Profit Rises 24% : জুন মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকত (Q1FY23) বাৰ্ষিক হিচাপত ২৩.৮ শতাংশ স্বতন্ত্ৰ প্ৰকৃত লাভ (Net Profit) বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰৰ ৩,৫০১ কোটি টকাৰ বিপৰীতে এইবছৰত প্ৰথম ত্ৰৈমাসিকত ৪,৩৩৫ কোটি টকা লাভ অৰ্জন কৰিছে। 

  • Share this:
জিঅ’ প্লেটফৰ্মছ (Jio Platforms)ৰ সহযোগী কোম্পানী ৰিলায়েন্স জিঅ’ ইনফ’কমে (Reliance Jio Infocomm) ২০২২ চনৰ জুন মাহত সমাপ্ত হোৱা ত্ৰৈমাসিকত (Q1FY23) বাৰ্ষিক হিচাপত ২৩.৮ শতাংশ স্বতন্ত্ৰ প্ৰকৃত লাভ (Net Profit) বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰৰ ৩,৫০১ কোটি টকাৰ বিপৰীতে এইবছৰত প্ৰথম ত্ৰৈমাসিকত ৪,৩৩৫ কোটি টকা লাভ অৰ্জন কৰিছে।

ক্ৰমিক ভিত্তিত জানুৱাৰী–মাৰ্চ ত্ৰৈমাসিকত অৰ্জন কৰা ৪,১৭৩ কোটি টকাৰ পৰা লাভ ৩.৯ শতাংশ বৃদ্ধি পাইছে। জিঅ’ প্লেটফৰ্মছ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (Reliance Industries)ৰ ডিজিটেল ইউনিট।

প্ৰথম ত্ৰৈমাসিকত কোম্পানীটোৱে ২১,৮৭৩ কোটি টকাৰ ৰাজহ অৰ্জন কৰিছিল, যিটো এবছৰ পূৰ্বৰ ১৭,৯৯৪ কোটি টকাৰ পৰা ২১.৬ শতাংশ বৃদ্ধি। ক্ৰমাগতভাৱে বিগত ত্ৰৈমাসিকৰ ভিতৰত ২০,৯০১ কোটি টকাৰ তুলনাত ৪.৭ শতাংশ বৃদ্ধি পাইছে ৰাজহ।

এই সফল ধাৰাৰ ওপৰত মন্তব্য কৰি অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ ডি আম্বানীয়ে কয়, “আমাৰ ডিজিটেল সেৱাৰ প্লেটফৰ্মত গ্ৰাহকৰ সংযোগ উচ্চ হৈয়েই আছে। “জিঅ’ই সকলো ভাৰতীয়ৰ বাবে ডাটাৰ উপলব্ধতা বৃদ্ধিৰ দিশত কাম কৰি আছে আৰু ইয়াৰ গতিশীলতা আৰু FTTHৰ গ্ৰাহক সংযোজনৰ ইতিবাচক ধাৰা দেখি মই আনন্দিত হৈছো।”

ARPU আৰু কাষ্টমাৰ বেছ

এই ত্ৰৈমাসিকৰ সময়ছোৱাত ৰাজহৰ বৃদ্ধিৰ মূলতে আছিল প্ৰতিজন ব্যৱহাৰকাৰীৰ গড় ৰাজহ (ARPU) বৃদ্ধিৰ লগতে ইয়াৰ গ্ৰাহকৰ ভিত্তিত সামান্য সংযোজন।

এই ত্ৰৈমাসিকৰ সময়ছোৱাত ARPU প্ৰতিমাহে প্ৰতিজন গ্ৰাহকৰ বাবে ১৭৫.৭ টকাত ২৭ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ক্ৰমাগতভাৱে ARPUৰ উন্নতি হৈছে ৪.৮ শতাংশ। গ্ৰাহকৰ অধিক সংযোগ আৰু ট্ৰাফিক বৃদ্ধিৰ ফলত এই সফলতা আহিছে।

কোম্পানীটোৱে নেট ভিত্তিত ৯৭ লাখ গ্ৰাহক সংযোজন কৰিবলৈ সক্ষম হৈছিল। ছিম একত্ৰীকৰণৰ প্ৰভাৱ পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছিল।

ৰিলায়েন্স জিঅ’ ভাৰতৰ ১ নম্বৰ স্থানত আছে আৰু ২০২২ চনৰ মে’ মাহত ৫৩ শতাংশ বেতাঁৰ ব্ৰডবেণ্ড বজাৰ অংশীদাৰিত্বৰ সৈতে ইয়াৰ গ্ৰাহকৰ শক্তি আছিল ৪১৯.৯ নিযুত।

ডাটা ব্যৱহাৰ (Data Consumption)

এই ত্ৰৈমাসিকত প্ৰতিমাহে প্ৰতিজন ব্যৱহাৰকাৰীৰ গড় ডাটা আৰু ভইচ কল ব্যৱহাৰ ক্ৰমে ২০.৮ জিবি আৰু ১০০১ মিনিটলৈ বৃদ্ধি পাইছে।

কোম্পানীয়ে ডাটা ট্ৰেফিকত ~৬০ শতাংশ বজাৰ অংশীদাৰিত্ব দখল কৰি আছে যিটো নিকট দুই প্ৰতিযোগীৰ সংযুক্ত ডাটা ট্ৰেফিকতকৈও অধিক।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি