মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »অসমৰ শিৱসাগৰ, বঙাইগাঁৱৰ লগতে আৰু ২খন চহৰত আজি মুকলি হ'ল Jio True 5G সেৱা, এতিয়া দেশজুৰি মুঠ ২৭৭ খন চহৰে লাভ কৰিব এই সেৱা

অসমৰ শিৱসাগৰ, বঙাইগাঁৱৰ লগতে আৰু ২খন চহৰত আজি মুকলি হ'ল Jio True 5G সেৱা, এতিয়া দেশজুৰি মুঠ ২৭৭ খন চহৰে লাভ কৰিব এই সেৱা

.

.

নগাঁৱৰ পিছত অসমৰ আন ৪খন চহৰত আজি মুকলি হ'ল Jio True 5G সেৱা। কোনকেইখন চহৰে পাব এই সুবিধা?

  • Share this:

দেশৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ Reliance Jio এ আজি অসমৰ ৪খন চহৰ- বঙাইগাঁও, উত্তৰ লখিমপুৰ, শিৱসাগৰ, তিনিচুকীয়াৰ লগতে দেশৰ মুঠ ২০খন চহৰ ক্ৰমে, ভাগলপুৰ, কাটিহাৰ (বিহাৰ), মৰ্মুগাঁও (গোৱা), ডিউ (দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ), গান্ধীধাম (গুজৰাট), বোকাৰো ষ্টীল চিটি, দেওঘৰ, হাজৰিবাগ (ঝাৰখণ্ড), ৰায়চুৰ (কৰ্ণাটক), সতনা (মধ্য প্ৰদেশ), চন্দ্ৰপুৰ, ইচালকাৰঞ্জী (মহাৰাষ্ট্ৰ), থৌবাল (মণিপুৰ), ফৈজাবাদ, ফিৰোজাবাদ, মুজাফৰনগৰ (উত্তৰ প্ৰদেশ)ত Jio True 5G সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে দেশত Jio True 5G সেৱা উপভোগ কৰা চহৰৰ মুঠ সংখ্যা ২৭৭ লৈ বৃদ্ধি পাইছে।


উল্লেখযোগ্য যে, এই চহৰসমূহৰ অধিকাংশতে 5G সেৱা আৰম্ভ কৰা প্ৰথম আৰু একমাত্ৰ অপাৰেটৰ হিচাপে পৰিগণিত হৈছে Reliance Jio। এই চহৰসমূহৰ Jio ব্যৱহাৰকাৰীসকলক Jio Welcome Offer লৈ আমন্ত্ৰণ জনোৱা হ’ব। আজিৰ পৰা ১ জিবিপিএছ+ স্পীডলৈকে, কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ আনলিমিটেড ডাটা অভিজ্ঞতা লাভ কৰিব ব্যৱহাৰকাৰীসকলে।


এই উপলক্ষে মন্তব্য কৰি জিঅ’ৰ মুখপাত্ৰই কয়, "১১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই ২০খন চহৰত Jio True 5G সেৱা আৰম্ভ কৰি আমি গৌৰৱান্বিত। এই মুকলিৰ জৰিয়তে দেশৰ ২৭৭খন চহৰৰ Jio ব্যৱহাৰকাৰীয়ে ২০২৩ চনৰ নতুন বছৰত Jio True 5G ৰ পৰিৱৰ্তনশীল সুবিধা উপভোগ কৰিব পাৰিব।


লক্ষণীয় যে, এই নতুনকৈ মুকলি কৰা True 5G চহৰসমূহ আমাৰ দেশৰ গুৰুত্বপূৰ্ণ পৰ্যটন আৰু বাণিজ্যিক স্থানৰ লগতে গুৰুত্বপূৰ্ণ শিক্ষাৰ কেন্দ্ৰ। Jio True 5G সেৱা আৰম্ভ হোৱাৰ লগে লগে অঞ্চলসমূহৰ গ্ৰাহকে কেৱল উত্তম দূৰসংযোগ নেটৱৰ্ক লাভ কৰাই নহয় ই-গভৰ্নেন্স, শিক্ষা, অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা, গেমিং, স্বাস্থ্যসেৱা, কৃষি, আই টিৰ ক্ষেত্ৰতো অসীম বৃদ্ধিৰ সুযোগ লাভ কৰিব আৰু ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগৰো উন্নয়ন হ'ব।


চহৰসমূহক ডিজিটেলাইজ কৰাৰ যাত্ৰাত অসম, বিহাৰ, গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে নিৰন্তৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে জিঅ'ই।


উল্লেখযোগ্য যে, Jio True 5G ৰ তিনিগুণ অদ্বিতীয় সুবিধা আছে যিয়ে ভাৰতত ইয়াক একমাত্ৰ TRUE 5G নেটৱৰ্ক হিচাপে গঢ়ি তুলিছেঃ
১)  4G নেটৱৰ্কত শূন্য নিৰ্ভৰশীলতাৰ সৈতে স্বতন্ত্ৰ 5G আৰ্কিটেকচাৰ।
২) ৭০০ মেগাহাৰ্টজ, ৩৫০০ মেগাহাৰ্টজ, আৰু ২৬ গিগাহাৰ্টজত ৫জি স্পেকট্ৰামৰ আটাইতকৈ ডাঙৰ আৰু সৰ্বোত্তম মিশ্ৰণ বেণ্ড।
৩) Carrier Aggregation নামৰ উন্নত প্ৰযুক্তি যিয়ে এই 5G সমূহ নিৰৱচ্ছিন্নভাৱে কম্পাঙ্কসমূহক এটা শক্তিশালী “ডাটা হাইৱে”লৈ একত্ৰিত কৰে।

শেহতীয়া বাতৰি