• Home
  • »
  • News
  • »
  • business
  • »
  • Reliance Leadership Transition : ৰিলায়েঞ্চত অচিৰেই হ'ব নেতৃত্বৰ যুগান্তকাৰী পৰৱৰ্তন, ইংগিত দিলে অধ্যক্ষ মুকেশ আম্বানী

Reliance Leadership Transition : ৰিলায়েঞ্চত অচিৰেই হ'ব নেতৃত্বৰ যুগান্তকাৰী পৰৱৰ্তন, ইংগিত দিলে অধ্যক্ষ মুকেশ আম্বানী

মুকেশ আম্বানী, ৰিলায়েঞ্চৰ অধ্যক্ষ

মুকেশ আম্বানী, ৰিলায়েঞ্চৰ অধ্যক্ষ

Reliance Leadership Transition : ৰিলায়েঞ্চ পৰিয়াল দিৱসত মুকেশ আম্বানীয়ে কয় যে তেওঁ আকাশ আম্বানী, ঈশা আম্বানী আৰু অনন্ত আম্বানীত তেওঁৰ পিতৃ ধীৰুভাই আম্বানী (ৰ একেই জ্যোতি আৰু সম্ভাৱনা দেখিছে।

  • Share this:
Reliance Leadership Transition : ৰিলায়েঞ্চত অচিৰেই এক উদ্যমী নেতৃত্বৰ পৰিৱৰ্তনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে। মঙলবাৰে এই কথা সদৰী কৰিলে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানী (Reliance Chairman Mukesh Ambani)য়ে। নতুন প্ৰজন্মক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ গুৰু দায়িত্ব অৰ্পণৰ ইংগিত দিলে দেশৰ সকলোতকৈ ধনী ব্যক্তিগৰাকীয়ে।

মঙলবাৰে ৰিলায়েঞ্চ পৰিয়াল দিৱস (Reliance Family Day)ত মুকেশ আম্বানীয়ে নিজৰ ভাষণত, নিজকো সাঙুৰি, ৰিলায়েঞ্চৰ জ্যেষ্ঠসকলক এই আহ্বান জনায় যে তেওঁলোকে এতিয়া ৰিলায়েঞ্চৰ অধিক যোগ্য, নিষ্ঠাৱান আৰু প্ৰতিভাশালী যুৱ লীডাৰৰ হাতত দায়িত্ব অৰ্পণ কৰা উচিত। তেওঁ কয়, "ৰিলায়েঞ্চ এতিয়া এক যুগান্তকাৰী নেতৃত্ব পৰিবৰ্তনৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দিশে আগবাঢিছে...মোক ধৰি জ্যেষ্ঠসকলৰ পৰা পৰবৰ্তি প্ৰজন্মৰ যুৱ লীডাৰলৈ। মই এই প্ৰক্ৰিয়া ত্বৰাণ্বিত হোৱাটো বিচাৰোঁ।"

"আমি তেওঁলোকক উৎসাহ যোগোৱা, সবল আৰু সামৰ্থৱান কৰি তুলিবলৈ মাৰ্গ দৰ্শন কৰা উচিত...আৰু আঁতৰৰ পৰা তেওঁলোকৰ আমাতকৈও ভালকৈ কৰা কামবোৰৰ প্ৰশংসা কৰিম...ৰিলায়েঞ্চত আমি সাংগঠনিক সংস্কৃতি নিৰ্মাণ কৰিব লাগিব যি ইয়াৰ নেতৃত্বকো অতিক্ৰমী যাব," এইদৰে কয় মুকেশ আম্বানীয়ে।

নিজৰ তিনি সন্তান আকাশ আম্বানী (Akash Ambani), ঈশা আম্বানী (Isha Ambani) আৰু অনন্ত আম্বানী (Anant Ambani)ৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি মুকেশ আম্বানীয়ে কয় যে তেওঁলোকে ৰিলায়েঞ্চক নতুন শিখৰলৈ তুলি নিব। ৰিলায়েঞ্চৰ কাৰণে তেওঁলোকৰ আৱেগ, নিষ্ঠা আৰু দৃঢ়তা মই অনুভৱ কৰিব পাৰিছোঁ আৰু দেখিছোঁ।

"মই তেওঁলোকত মোৰ দেউতা (Dhirubhai Ambali)ৰ দৰে হাজাৰ জনৰ জীৱন সলনি কৰাৰ আৰু ভাৰতৰ প্ৰগতিত অৰিহণা আগবঢ়োৱাৰ সেই একেই জ্যোতি আৰু সম্ভাৱনা দেখিছোঁ। আহক আমি সকলোৱে তেওঁলোকৰ এই ইচ্ছাক শুভকামনা জনাওঁ যাতে তেওঁলোকে ৰিলায়েঞ্চক আৰু অধিক সফল কৰি তুলিব পাৰে।"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি