ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে গুজৰাটৰ সেউজ শক্তি আৰু অন্যান্য প্ৰকল্পত ৫.৯৫ লাখ কোটি টকাৰ বিনিয়োগৰ বাবে গুজৰাট চৰকাৰৰে বুজাবুজি চুক্তিত (MoU) স্বাক্ষৰ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে (Reliance Industries) অহা ১০ৰ পৰা ১৫ বছৰত গুজৰাটত সেউজ শক্তি আৰু অন্যান্য প্ৰকল্পৰ (Green Energy & other projects) বাবে এই ধন বিনিয়োগ কৰিব।
কোম্পানীটোৱে বৃহস্পতিবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যখনত ১ লাখ মেগাৱাটৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্প আৰু গ্ৰীন হাইড্ৰজেন পৰিস্থিতি তন্ত্ৰৰ বিকাশৰ বাবে ৫ লাখ কোটি টকা বিনিয়োগ কৰিব। ইয়াৰ উপৰি কোম্পানীটোৱে সৌৰ ফটোভল্টেইক মডিউল নিৰ্মাণৰ বাবে কাৰখানা স্থাপনৰ বাবে ৬০,০০০ কোটি টকা বিনিয়োগ কৰিব। অহা তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত বিদ্যমান প্ৰকল্প আৰু নতুন প্ৰতিষ্ঠানসমূহত ২৫,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব।
ৰিলায়েন্সে জিঅ'ৰ নিজা টেলিকম নেটৱৰ্কক ৫-জিলৈ ৰূপান্তৰ কৰিবলৈ অহা পাঁচ বছৰত তিনিৰ পৰা পাঁচ বছৰত ৭,৫০০ কোটি টকা আৰু ৰিলায়েন্স ৰিটেইলত ৩,০০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰস্তাৱ দিছে কোম্পানীটোৱে।
কোম্পানীটোৱে এক বিবৃতিত উল্লেখ কৰে ৰিলায়েন্সে (Reliance Industries Limited) বৃহস্পতিবাৰে ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২২ৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত মুঠ ৫.৯৫ লাখ কোটি টকাৰ বিনিয়োগৰ বাবে গুজৰাট (Gujarat ) চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই প্ৰকল্পসমূহে ৰাজ্যখনত প্ৰায় ১০ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
কোম্পানীটোৱে গুজৰাট চৰকাৰৰ সৈতে আলোচনা কৰি কচ্ছ, বনছকান্থা আৰু ধোলেৰাত ১ লাখ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে ভূমি অন্বেষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কোম্পানীটোৱে কচ্ছত ৪.৫ লাখ একৰ মাটি বিচাৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|