ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে (RIL) শুক্ৰবাৰে চলিত বিত্তীয় বৰ্ষৰ তৃতীয় তিনি মাহৰ (২০২১-২২) বিত্তীয় ফলাফল ঘোষণা কৰিছে। মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ডিচেম্বৰৰ ত্ৰৈমাসিকত সৰ্বাধিক ২০,৫৩৯ কোটি টকা একত্ৰিত ৰাজহ (Consolidated revenue) অৰ্জন কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিটেইল শাখা ৰিলায়েন্স ৰিটেইলৰ (Reliance Retail) তৃতীয় তিনি মাহত গ্ৰছ ৰেভিনিউ ৫২.৫% বৃদ্ধি হৈ ৫৭,৭১৪ কোটি টকা হৈছে।
লাভ ২৩.৪ শতাংশ বৃদ্ধি হৈছে
ৰিলায়েন্স ৰিটেইলৰ লাভ ২৩.৪ শতাংশ বৃদ্ধি পাইছে। কোম্পানীটোৱে তৃতীয় তিনি মাহত ২২৫৯ কোটি টকাৰ লাভ কৰিছে। কোম্পানীটোৰ ইবিআইটিডিএ (EBITDA) হৈছে ৩,৮২২ কোটি টকা। ই বছৰে বছৰে (YoY) ২৩,৮ শতাংশ বৃদ্ধি পাইছে।
এতিয়ালৈকে সৰ্বাধিক ৰাজহ
ৰিলায়েন্স ৰিটেইলে ডিচেম্বৰ ২০২১ ত্ৰৈমাসিকত ইয়াৰ সৰ্বাধিক ৰাজহ লাভ কৰিছে, কিয়নো কোভিডৰ ত্ৰাস ক্ৰমান্বয়ে হ্ৰাস পাইছে। গ্ৰাহকসকলে দোকানবোৰলৈ বজাৰ কৰিবলৈ আহিছে। ডিজিটেল আৰু নতুন বাণিজ্য পদ্ধতিয়েও খুচুৰা ব্যৱসায়ক উৎসাহিত কৰিছে।
ৰিলায়েন্স ৰিটেইলৰ আছে ১৪,৪১২ ষ্টোৰ
ৰিলায়েন্স ৰিটেইলে তিনি মাহৰ ভিতৰত ৮৩৭খন নতুন দোকান খুলিছে। এতিয়া ৰিলায়েন্স ৰিটেইল দোকানৰ মুঠ সংখ্যা ১৪,৪১২ লৈ বৃদ্ধি হৈছে, যি ৪০ নিযুত বৰ্গফুটত বিয়পি আছে। খুচুৰা আন্তঃগাঁথনিৰ উপৰি কোম্পানীটোৱে ইয়াৰ ডিজিটেল উপস্থিতিও শক্তিশালী কৰিছে। কোম্পানীটোৱে ইয়াৰ নিউ কমাৰ্চ প্লেটফৰ্মত ব্যৱসায়িক অংশীদাৰসকলৰ ক্ষেত্ৰত বছৰি চাৰিগুণ অধিক পঞ্জীয়ন কৰিছে, আনহাতে ডিজিটেল বাণিজ্য প্লেটফৰ্মৰ অৰ্ডাৰো দুগুণ হৈছে, সৰু চহৰৰ পৰা ডিজিটেল বাণিজ্যৰ ৫০% অৰ্ডাৰ প্ৰাপ্ত কৰিছে।
নিউয়ৰ্কৰ বিলাসী হোটেলত ৭৩.৩৭ শতাংশ অংশীদাৰিত্বৰ বাবে চুক্তি
ইফালে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (RIL)ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্টছ এণ্ড হোল্ডিংছ লিমিটেডে (RIIHL) নিউয়ৰ্কৰ সন্মানীয় লাক্সাৰী হোটেল মাণ্ডাৰিন অৰিয়েণ্টেল (Mandarin Oriental, New York)ত ৯.৮১ নিযুত ডলাৰত ৭৩.৩৭ শতাংশ অংশীদাৰী ত্বৰান্বিত কৰাৰ চুক্তি স্বাক্ষৰ কৰে।
'আমাৰ ডিজিটেল সেৱা ব্যৱসায়ে লাভজনক বিকাশ পঞ্জীয়ন কৰিছে'
কোম্পানীটোৰ ফলাফলত আনন্দ প্ৰকাশ কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানিয়ে কয়, "ৰিলায়েন্সে বিত্তীয় বৰ্ষ ২০২২ৰ তৃতীয় তিনি মাহত ভাল প্ৰদৰ্শন কৰিছে। আমি আমাৰ সকলো ব্যৱসায়ৰ পৰা শক্তিশালী অৱদানৰ সৈতে ৰেকৰ্ড অপাৰেটিং ফলাফল দিছোঁ। উৎসৱৰ বতৰ আৰু লকডাউনৰ শিথিলতাৰ বাবে খুচুৰা ব্যৱসায় ক্ষেত্ৰখনৰো পৰিৱেশ স্বাভাৱিকলৈ ঘূৰি আহিছে। আমাৰ ডিজিটেল সেৱাৰ ব্যৱসায়ে এক বিশাল, বহনক্ষম আৰু লাভজনক বিকাশ পঞ্জীয়ন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|