দ্বিতীয় ত্ৰিমাসিকতো সন্মিলিতভাৱে ১৩ হাজাৰ ৬৫৬ কোটি টকাৰ লাভ ঘোষণা কৰিলে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে। ২০২১ চনত ছেপ্টেম্বৰ মাহত শেষত হোৱা ত্ৰিমাসিকত যিটো আছিল ১৩ হাজাৰ ৬৮০ কোটি টকা। প্ৰতিষ্ঠানটোৰ আৰ্থিক হিচাপে কৈছে, ছেপ্টেম্বৰ মাহত শেষ হোৱা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ ৰাজহ ৩৩.৭ শতাংশ বৃদ্ধি হৈ ২.৩৭ লাখ কোটিট উপনীত হৈছে। পেট্ৰ’কেমিকেল ক্ষেত্ৰত দেশৰ অন্যতম অগ্ৰণী সংস্থাটোৱে টেলিকম, খুচুৰা ব্যৱসায়তো উল্লেখযোগ্য ফলাফল কৰিছে।
বিশেষসকলৰ প্ৰত্যাশা আছিল, অন্তত ১২ শতাংশ বৃদ্ধি হৈ ৰিলায়েঞ্চৰ লাভৰ অংক ১৫ হাজাৰ ২৬৩ কোটিত উপনীত হ’ব। ইয়াৰ লগতে সংস্থাটোৰ বিক্ৰীতো ৩৪ শতাংশ বৃদ্ধি হৈ ২.২৫ লাখ কোটিত উপনীত হ’ব। প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জনোৱা হৈছে, চৰকাৰৰ বিশেষ কৰ বাদ দিও শেষ ত্ৰিমাসিকত লাভৰ পৰিমাণ বিগত বছৰৰ তুলনাত ২৭.৮ শতাংশ বৃদ্ধি হৈ ৩৮,৭০২ কোটি।
প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে এক প্ৰেছ বিবৃতিত জনাইছে, ‘প্ৰতিটো ত্ৰিমাসিকেই আমাৰ গ্ৰাহক নিৰ্ভৰ ব্যৱসায়সমূহ নতুন লক্ষ্যত উপনীত হৈছে। এই ফলাফলত আমি খুবেই আনন্দিত।’
ৰিলায়েঞ্চৰ ডিজিটেল ব্যৱসায়ৰ অন্যতম ৰিলায়েঞ্চ জিঅ’ই শেষ ত্ৰিমাসিকত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। শেষ ত্ৰিমাসিকৰ তুলনাত প্ৰতিষ্ঠানৰ অপাৰেটিং প্ৰফিট ৫.১ শতাংশ বৃদ্ধি হৈ ১২ হাজাৰ ১১ কোটি টকাত উপনীত হৈছে। এই ত্ৰিমাসিকতো উল্লেখযোগ্য সংখ্যাত নতুন গ্ৰাহক পাইছে ৰিলায়েঞ্চ জিঅ’ই। লগতে টেলিকম ক্ষেত্ৰত মাচুল বৃদ্ধিৰো সুফল পাইছে প্ৰতিষ্ঠানটোৱে।
ছেপ্টেম্বৰ মাহত শেষ হোৱা ত্ৰিমাসিকত নতুন আৰু প্ৰায় ৭৭ লাখ গ্ৰাহক পাইছে ৰিলায়েঞ্চ জিঅ’ই। ফলত ৩০ ছেপ্টেম্বৰৰ হিচাপ অনুসৰি, প্ৰতিষ্ঠানটোৰ মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা চাৰি কোটি অতিক্ৰম কৰিছে। ডিজিটেল ব্যৱসায় সংস্থাৰ লাভৰ পৰিমাণো প্ৰথম ত্ৰিমাসিকৰ তুলনাত বাঢ়িছে। প্ৰথম ত্ৰিমাসিকত য’ত লাভৰ পৰিমাণ আছিল ৪৮.৭ শতাংশ, বৰ্তমান ত্ৰিমাসিকত সেয়া বাঢ়িছে ৪৯.৫ শতাংশলৈ।
আনহাতে, খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰতো লাভৰ পৰিমাণ বিগত বছৰৰ তুলনাত ৪৪.৫ শতাংশ বাঢ়ি ৫৭ হাজাৰ ৬৯৪ কোটি টকাত উপনীত হৈছে। লগতে বাঢ়িছে ষ্টোৰ আৰু গ্ৰাহকৰ সংখ্যাই। দ্বিতীয় ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৱে আৰু ৭৯৫খন নতুন ষ্টোৰ খুলিছে। ফলত প্ৰতিষ্ঠানটোৰ মুঠ ষ্টোৰৰ সংখ্যা ১৬ হাজাৰ ৬১৭লৈ বৃদ্ধি পাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|