ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে (Reliance Industries Ltd.)শুকুৰবাৰে দেশৰ সৰ্ববৃহৎ সবাতোকৈ সুন্দৰ বহুমুখী ডেষ্টিনেচন চেণ্টাৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰ (Jio World Centre) স্থাপনৰ ঘোষণা কৰে। মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত ১৮.৫ একৰ ভূমিত Jio World Centre স্থাপন কৰা হ'ব। এই আশ্চৰ্যকৰ চেণ্টাৰ আঁৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ডাইৰেক্টৰ তথা ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা নীতা আম্বানী (Nita Ambani)ৰ চিন্তা আছে বুলি জানিব পৰা গৈছে।
Jio World Centreটো এটা প্ৰতিষ্ঠিত ব্যৱসায়, বাণিজ্য আৰু সাংস্কৃতিক ডেষ্টিনেচনলৈ পৰিগণিত হ'ব আৰু ভাৰত আৰু ভাৰতবাসীৰ বাবে এক বিশ্ব মানৰ লেণ্ডমাৰ্কৰূপে চিহ্নিত হ'ব।
Jio World Centreৰ অংশৰূপে ইতিমধ্যে ধীৰুভাই আম্বানী স্কোৱেৰ আৰু ফাউণ্টেইন অৱ জয় স্থাপন কৰা হৈছে। এই বছৰ আৰু আগন্তুক বছৰত পৰ্যায়ক্ৰমে জিঅ' ৱৰ্ল্ড চেণ্টাৰৰ উদ্ঘাটন কৰা হ'ব।
এই শুভক্ষণত নিজৰ অনুভৱ প্ৰকাশ কৰি নীতা আম্বানীয়ে কয়, "জিঅ' ৱৰ্ল্ড চেণ্টাৰ আমাৰ গৌৰৱশালী ৰাষ্ট্ৰৰ বাবে এক নতুন উপলব্ধি। ই নতুন ভাৰতৰ আকাংক্ষাৰ প্ৰতিবিম্ব। সকলোতকৈ ডাঙৰ সন্মিলন, সাংস্কৃতিক কাৰ্যসূচী, প্ৰিমিয়াম ৰিটেইলিং আৰু ডাইনিং সুবিধাৰ সৈতে জিঅ' ৱৰ্ল্ড চেণ্টাৰক মুম্বাইৰ নতুন লেণ্ডমাৰ্কৰ ৰূপত দেখা যাব। এইটো এনেকুৱা এটা কেন্দ্ৰ হ'ব য'ত আমি ভাৰতৰ বিকাশৰ নতুন অধ্যায় লিখিম।"