• Home
  • »
  • News
  • »
  • business
  • »
  • Jio World Drive: ৰিলায়েন্সে মুম্বাইত মুকলি কৰিলে জিঅ' ৱৰ্ল্ড ড্ৰাইভ

Jio World Drive: ৰিলায়েন্সে মুম্বাইত মুকলি কৰিলে জিঅ' ৱৰ্ল্ড ড্ৰাইভ

মেকাৰ মেকচিটিৰ 17.5 একৰ এলেকাত থকা বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত জিঅ' ৱৰ্ল্ড ড্ৰাইভ হৈছে মুম্বাইৰ আটাইতকৈ নতুন, জীৱন্ত নগৰীয়া হেংআউট।

মেকাৰ মেকচিটিৰ 17.5 একৰ এলেকাত থকা বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত জিঅ' ৱৰ্ল্ড ড্ৰাইভ হৈছে মুম্বাইৰ আটাইতকৈ নতুন, জীৱন্ত নগৰীয়া হেংআউট।

মেকাৰ মেকচিটিৰ 17.5 একৰ এলেকাত থকা বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত জিঅ' ৱৰ্ল্ড ড্ৰাইভ হৈছে মুম্বাইৰ আটাইতকৈ নতুন, জীৱন্ত নগৰীয়া হেংআউট।

  • Share this:

ৰিলায়েন্সে মুম্বাইৰ বাণিজ্যিক কেন্দ্ৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (Bandra Kurla Complex)ত ইয়াৰ প্ৰিমিয়াম ৰিটেইল ডেষ্টিনেচন জিঅ' ৱৰ্ল্ড ড্ৰাইভ অৰ্থাৎ জেডব্লিউডি (Jio World Drive) মুকলি কৰিছে।


কোম্পানীটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে, মেকাৰ মেকচিটিৰ 17.5 একৰ এলেকাত থকা বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত জিঅ' ৱৰ্ল্ড ড্ৰাইভ হৈছে মুম্বাইৰ আটাইতকৈ নতুন, জীৱন্ত নগৰীয়া হেংআউট। চৌহদটোত 72টা মুখ্য আন্তৰ্জাতিক আৰু ভাৰতীয় ব্ৰেণ্ড, বিশ্বজুৰি ৰন্ধনপ্ৰণালীৰ সৈতে 27টা ৰন্ধন কেন্দ্ৰ, মুম্বাইৰ প্ৰথম ৰুফটপ জিঅ' ড্ৰাইভ-ইন থিয়েটাৰ, এক অপেন এয়াৰ উইকেণ্ড কমিউনিটী বজাৰ, পোহনীয়া জন্তুৰ অনুকূল সেৱা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সেৱা ইয়াত উপলব্ধ হ'ব।


জিঅ' ৱৰ্ল্ড ড্ৰাইভ প্ৰখ্যাত ডিজাইন স্থপতিবিদ ৰোজ বনথৰ্ণ আৰু এণ্ডি লোম্বাৰ্ডৰ দ্বাৰা ডিজাইন কৰা হৈছিল। জিঅ' ৱৰ্ল্ড ড্ৰাইভৰ সুন্দৰ আৰু ফ্লোটিং ফ্ৰণ্ট হৈছে নুয়েজৰ ফৰাচী ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত এক স্থাপত্য। মেঘৰ দৰে গাঁথনি এটা অনুসৰণ কৰা হৈছে। আকাশৰ পোহৰ আৰু মুকলি পৰিৱেশে এক উচ্চ অভিজ্ঞতা প্ৰদান কৰে।


কোম্পানীটোৱে জনোৱা মতে, ৰিলায়েন্সৰ নতুন খাদ্য আৰু গ্ৰোচাৰীৰ দোকান ফ্ৰেছপিক (Fresh Pik)ও এই চৌহদতে থাকিব। যি চহৰখনৰ বাসিন্দাসকলৰ বাবে অনন্য হৃদয় স্পৰ্শকাৰী অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। জিঅ' ৱৰ্ল্ডৰ ভাৰতত প্ৰথম এংকৰ ষ্ট'ৰ, গ্লোবেল হোম ডেকাৰ, West Elmৰ ভাৰতত প্ৰথম ফ্লেগশ্বিপো মুকলি কৰা হৈছে। ইয়াৰ উপৰি হেমলিজৰ গ্লোবেল ফাৰ্ষ্ট কনচেপ্ট ষ্ট'ৰ হেমলিজ প্লেও মুকলি কৰা হৈছে।

Published by:Gautam Barman
First published: