ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে ৰেপো ৰেট। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে মুদ্ৰানীতি সমিতিৰ বৈঠকৰ ফলাফল ঘোষণা কৰিছিল। লগতে তেওঁ ৰেপোৰ হাৰ ০.৫ শতাংশ বৃদ্ধি কৰা হৈছে বুলিও জনায়।
এই বৃদ্ধিৰ পিছত কাৰ্যকৰী ৰেপো হাৰ ৫.৪ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰ উপৰি ভাৰতীয় জিপিডিৰ বিকাশৰ বিষয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰক্ষেপণৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে।
ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে জনাই যে কেন্দ্ৰীয় বেংকে বিকাশৰ পূৰ্বানুমানত কোনো পৰিৱৰ্তন কৰা নাই। বিত্তীয় বৰ্ষ ২০২২-২৩ৰ বাবে ইয়াৰ হাৰ ৭.২ শতাংশই থাকিব।
মন কৰিবলগীয়া কথা যে পূৰ্বতে মুদ্ৰাস্ফীতি আৰু বিশ্ববজাৰৰ চাপৰ বাবে বিকাশৰ হাৰৰ আকলনত কিছু পৰিৱৰ্তন কৰিব পাৰি বুলি বুজা হৈছিল। অৱশ্যে, গৱৰ্নৰ শক্তিকান্ত দাসে মুদ্ৰানীতি আৰু দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ওপৰত আস্থা বজাই ৰাখি বিকাশৰ হাৰৰ আকলন আগৰ দৰেই স্থিৰ ৰাখিছে।
এই সময়ছোৱাত তেওঁ কয় যে বহুতো সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাৰ পিছত এতিয়া ভাৰতৰ বিকাশ দ্ৰুতগতিত বৃদ্ধি পাব। এক প্ৰতিবেদন অনুসৰি, এপ্ৰিল-জুন ২০২২-ৰ ভিতৰত ভাৰতৰ জিডিপি ১৬.২ শতাংশ বৃদ্ধি হ'ব পাৰে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি ২০২২ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰ এই তিনি মাহত জিডিপি ৬.২ শতাংশ, অক্টোবৰৰ পৰা ডিচেম্বৰ এই তিনি মাহত ই ৪.১ শতাংশ আৰু জানুৱাৰী-মাৰ্চ ২০২৩ তিনি মাহত ৪.০ শতাংশ হ'ব বুলি আশা কৰা হৈছে।
আইএমএফে ইয়াৰ আকলন হ্ৰাস কৰিছিলআন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) ২০২২ চনৰ জুলাইৰ শেষত চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বানুমান ৮০ পইণ্ট হ্ৰাস কৰি ৭.৪ শতাংশলৈ হ্ৰাস কৰিছিল। আইএমএফে ২৬ জুলাইত ইয়াৰ ৱৰ্ল্ড ইকনমিক আউটলুক প্ৰতিবেদনৰ এক আপডেটত কৈছিল, ‘ভাৰতৰ বাবে, এই সংশোধনীয়ে মুখ্যতঃ কম অনুকূল বাহ্যিক পৰিস্থিতি আৰু অধিক দ্ৰুত নীতি কঠোৰকৰণ প্ৰতিফলিত কৰে।’
এফআইচিচিআয়ে কয় যে বিকাশৰ হাৰ ৭% হ'ব পাৰে
এফআইচিচিআই উদ্যোগ চেম্বাৰে পূৰ্বতে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰৰ আকলন হ্ৰাস কৰিছিল। এই উদ্যোগে চলিত বিত্তীয় বৰ্ষৰ (বিত্তীয় বৰ্ষ ২৩) বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭.৪ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস কৰিছে। ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ বাবে এফআইচিচিআয়ে বিকাশৰ হাৰৰ আকলন হ্ৰাস কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|