ডিজিটেলকৰণৰ যুগত পুৰণি মুদ্ৰা বা নোট বিক্ৰী কৰাৰ বাবে ভাল লাভ কৰাৰ বিষয়ে বাতৰি প্ৰকাশ পাই থাকে। কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে যে যদিহে সাৱধান নহয় এই ক্ষেত্ৰতো প্ৰৱঞ্চনাৰ ভুক্তভোগী হ'ব পাৰে আপুনি।
তথ্য অনুসৰি, একাংশ প্ৰৱঞ্চকে অনলাইনৰ জৰিয়তে পুৰণি মুদ্ৰাৰ বিষয়ে বিজ্ঞাপন দি কিছুমান প্ৰলোভন দেখুৱায় (Old Note and Coin) আৰু আপুনি সেই ফান্দত পৰাৰ পিছত একাউণ্টৰ সকলো টকা হৰলুকী হ'ব পাৰে। ৰিজাৰ্ভ বেংকে কি কয়?
ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ এই বিষয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় বেংকৰ মতে কিছুমান চাইবাৰ অপৰাধীয়ে পুৰণি মুদ্ৰা, নোট ক্ৰয় আৰু বিক্ৰী কৰাৰ নামত RBIৰ নাম ব্যৱহাৰ কৰি আছে। এই বিষয়ে আৰবিআয়ে কয় যে পুৰণি মুদ্ৰা আৰু নোটৰ বিক্ৰী অনলাইনত চলি আছে। কিন্তু RBIৰ নামত এই লোকসকলে বিভিন্ন ধৰণৰ কমিছন আৰু মাচুল দাবী কৰি আছে। ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিয়ে যে বেংকে পুৰণি নোট বা মুদ্ৰা অনলাইন বা অফলাইন ক্ৰয়ৰ বাবে কোনো মাচুল লোৱা নাই। গতিকে ৰাইজে এইক্ষেত্ৰত সাৱধান হোৱা ভাল।
কেন্দ্ৰীয় বেংক কৰ্তৃপক্ষই লগতে কয় যে প্ৰৱঞ্চকসকলে পুৰণি মুদ্ৰা বা নোট বিক্ৰী কৰাৰ বিষয়টো বেংকে লক্ষ্য কৰিছে। এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) কাৰো সৈতে কোনো চুক্তি কৰা নাই। বেংকে এনে কোনো মাচুল বা কমিছন নিবিচাৰে। কেন্দ্ৰীয় বেংকে এইটোও কৈছে যে এনে প্ৰৱঞ্চকসকলৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বাটোৱাৰা নকৰিব।