আজিৰে পৰা আৰম্ভ হৈছে ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। কালি কাঁচিজোন দেখাৰ পিছতেই ইছলাম ধৰ্মীয় লোকসকলৰ মাজত দেখা গৈছিল ব্যাপক আনন্দ উল্লাস।
ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ মাহ হ'ল এই ৰমজান মাহ। এই মাহটোত দিনটো অনাহাৰে থাকি ৰোজা পালন কৰে প্ৰতিগৰাকী ইছলামধৰ্মী লোকে। ৰমজান মাহ উপলক্ষে আজি বজাৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় নলবাৰী জিলাৰ সুৰাদীত।
এই পৱিত্ৰ ৰমজান মাহতে পুৱতি নিশা চেহেৰি খোৱাৰ পিছতে ৰমজানৰ ৰোজা ৰাখে ইছলামধৰ্মী লোকসকলে। ৰমজানৰ ৰোজাৰ প্ৰথম দিনটোত নলবাৰী জিলাৰ সুৰাদীৰ দৈনিক বজাৰত দেখা গ'ল ব্যাপক ভিৰ।
বিভিন্ন ধৰণৰ ফল-মূল ,নানা ধৰণৰ মিঠাই, খেজুৰ আদিৰে ভৰি পৰিছে সুৰাদীৰ দৈনিক বজাৰ। এইদৰেই পবিত্ৰ ৰমজানৰ ৰোজাৰ প্ৰথম দিনটোত দেখা গ'ল ব্যাপক ব্যস্ততা।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 24, 2023, 22:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।