PPF, জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (Senior Citizen Savings Scheme) আৰু সুকন্যা সমৃদ্ধি (Sukanya Samriddhi) আঁচনিৰ সুতৰ হাৰ শীঘ্ৰেই বৃদ্ধি পাব বুলি জানিব পৰা গৈছে।দীৰ্ঘদিনৰ পৰা এই সৰু সৰু সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ বৃদ্ধি হোৱা নাই। কিন্তু এইবাৰ চৰকাৰে আঁচনিসমূহৰ সুতৰ হাৰ পৰ্যালোচনা কৰাৰ বিবেচনা কৰিছে বুলি জানিব পৰা গৈছে।
এই কথা মনত ৰাখি অহা মাহৰ শেষৰ ফালে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰ (
National Savings Certificate), সুকন্যা সমৃদ্ধি যোজনা (Sukanya Samriddhi Yojana), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF)ৰ বিনিয়োগকাৰীয়ে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে জুন মাহত PPF, NSC বা SSY আঁচনিৰ সুতৰ হাৰ সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে, যাৰ ফলত এই আঁচনিসমূহৰ বিনিয়োগকাৰীসকল উপকৃত হ’ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|