ডাকঘৰৰ RD আঁচনিত মাহিলী ১০ হাজাৰ জমা কৰি লাভ কৰিব পাৰে ১৬ লাখ টকা। Post office scheme : যদি আপুনি প্ৰতি মাহে ডাকঘৰৰ আৰডি আঁচনিত ১০ বছৰৰ বাবে ১০,০০০ টকা বিনিয়োগ কৰে, তেন্তে ম্যাদপুৰ্তিৰ সময়ত ১৬ লাখ ২৬ হাজাৰ ৪৭৬ টকা লাভ কৰিব। যদি আপুনি সম্পূৰ্ণ সুৰক্ষিতভাৱে আপোনাৰ ধন বিনিয়োগ (Safe Investment planning) কৰিব বিচাৰিছে অৰ্থাৎ আপুনি আপোনাৰ বিনিয়োগ কৰা ধনৰ কোনো বিপদ নোহোৱাটো বিচাৰে তেনেহ'লে ডাকঘৰ (Post Office) আপোনাৰ বাবে এক ভাল বিকল্প হিচাপে প্ৰমাণিত হ'ব পাৰে। আপুনি ডাকঘৰ আঁচনিত (Post office scheme) অধিক লাভ (investment and return) অৰ্জন কৰিব পাৰে। ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনি (Post office small savings scheme) অধিক ভাল। ইয়াত বিনিয়োগ কৰিও বৃহৎ উপাৰ্জন সম্ভৱ হয় (Earn Money)। এনে এটা ডাকঘৰ জমা আঁচনি হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিত (Post Office Recurring Deposit) আঁচনি।
ডাকঘৰৰ RD আঁচনি কি?
এই আঁচনিত আপুনি অতি কম ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰি আপোনাৰ ধনো সম্পূৰ্ণ সুৰক্ষিত হ'ব। আপুনি ইয়াত মাহে ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে। আপুনি কিমান বেছি বিনিয়োগ কৰিব তাৰ কোনো সীমা নাই। ডাকঘৰ আৰডি জমা একাউণ্ট হৈছে অধিক সূতৰ হাৰৰ সৈতে সৰু সৰু কিস্তি জমা কৰাৰ এক চৰকাৰী গেৰাণ্টী আঁচনি।
আপুনি কিমান সূত পাব জানি লওঁক?
ডাকঘৰত খোলা আৰডি একাউণ্টটো কমেও ৫ বছৰৰ বাবে খুলিব লাগিব। তাতকৈ কম সময়ৰ বাবে এই একাউণ্ট খোলা নহয়। প্ৰতি তিনিমাহত জমাৰ ওপৰত সূত গণনা কৰা হয় (বাৰ্ষিক হাৰত)। তাৰ পিছত ইয়াক চক্ৰবৃদ্ধি সূতৰ (compound interest) সৈতে প্ৰতি তিনিমাহৰ শেষত আপোনাৰ একাউণ্টত যোগ দিয়া হয়। ইণ্ডিয়া ডাকঘৰৰ ৱেবছাইট অনুসৰি আৰডি আঁচনিখনত বৰ্তমান ৫.৮ শতাংশ (5.8 %) সূত দি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সকলো ক্ষুদ্ৰ সঞ্চয় আঁচনিত (small saving schemes) প্ৰতি তিনিমাহৰ মূৰত সূতৰ হাৰ ঘোষণা কৰে।
১০,০০০ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভ কৰিব পাৰিব
যদি আপুনি প্ৰতি মাহে ডাকঘৰৰ আৰডি আঁচনিত ১০ বছৰৰ বাবে ১০,০০০ টকা বিনিয়োগ কৰে, তেন্তে ম্যাদপুৰ্তিৰ সময়ত ১৬ লাখ ২৬ হাজাৰ ৪৭৬ টকা লাভ কৰিব।
ডাকঘৰৰ RD একাউণ্টৰ বিষয়ে কেইটামান জৰুৰী কথা
যদি আপুনি সময়মতে RD একাউণ্টৰ কিস্তি জমা নকৰে, আপুনি জৰিমনা ভৰিব লাগিব। যদি কিস্তিটো পলম হয় তেন্তে আপুনি প্ৰতি মাহে এক শতাংশ জৰিমনা পৰিশোধ কৰিব লাগিব। যদি আপুনি একেৰাহে ৪টা কিস্তি জমা নকৰে, আপোনাৰ একাউণ্ট বন্ধ হৈ পৰিব। অৱশ্যে একাউণ্টটো বন্ধ হ'লেও ইয়াক পৰৱৰ্তী ২ মাহৰ ভিতৰত পুনৰ সক্ৰিয় কৰিব পাৰিব।
Published by: Manjumoni Borah
First published: September 24, 2021, 11:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|