• Home
  • »
  • News
  • »
  • business
  • »
  • সন্তানৰ পঢ়া–শুনাৰ খৰচৰ পৰা পৰিত্ৰাণ! কেন্দ্ৰৰ এই আঁচনিত ৯৫ টকা বিনিয়োগ কৰিলে পাব ১৪ লাখ

সন্তানৰ পঢ়া–শুনাৰ খৰচৰ পৰা পৰিত্ৰাণ! কেন্দ্ৰৰ এই আঁচনিত ৯৫ টকা বিনিয়োগ কৰিলে পাব ১৪ লাখ

আঁচনিখনে মাজে মাজে কেছবেক প্ৰদান কৰে, যি শৈশৱৰ পৰা যৌৱনলৈকে শিশুসকলৰ শিক্ষাৰ নামত ব্যয় কৰিব পাৰে।

আঁচনিখনে মাজে মাজে কেছবেক প্ৰদান কৰে, যি শৈশৱৰ পৰা যৌৱনলৈকে শিশুসকলৰ শিক্ষাৰ নামত ব্যয় কৰিব পাৰে।

আঁচনিখনে মাজে মাজে কেছবেক প্ৰদান কৰে, যি শৈশৱৰ পৰা যৌৱনলৈকে শিশুসকলৰ শিক্ষাৰ নামত ব্যয় কৰিব পাৰে।

  • Share this:

মধ্যবিত্ত পৰিয়ালৰ বাবে আজিৰ দিনত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল সন্তানক পঢ়োৱা আৰু কন্যা সন্তানৰ বিবাহৰ আয়োজন। নিম্ন উপাৰ্জনৰ লোকসকলে বহুত বেছি বিনিয়োগ কৰাটোও টান হৈ পৰে। এনে পৰিস্থিতিত ডাকঘৰৰ গ্ৰাম সুমংগল গ্ৰামীণ ডাক জীৱন বীমা (Gram Sumangal Rural Postal Life Insurance)ত সামান্য বিনিয়োগে ২০ বছৰত ১৪ লাখ টকা লাভ কৰাৰ সুবিধা আছে।


যেতিয়া সন্তান ২০ বছৰীয়া হয় আৰু উচ্চ শিক্ষাৰ বাবে ধন পৰিশোধ কৰিব লগা হয়, এই বিনিয়োগে আপোনাক সহায় কৰিব। আঁচনিখনে মাজে মাজে কেছবেক প্ৰদান কৰে, যি শৈশৱৰ পৰা যৌৱনলৈকে শিশুসকলৰ শিক্ষাৰ নামত ব্যয় কৰিব পাৰে। ডাকঘৰ আঁচনি গ্ৰাম সুমংগল গ্ৰামীণ ডাক জীৱন বীমাই প্ৰতিদিনে ৯৫ টকা অৰ্থাত মাহত ২৮৩০ টকাকৈ জমা কৰি ২০ বছৰত প্ৰায় ১৪ লাখ টকা লাভ কৰিব পাৰে।


এইটো ডাকঘৰৰ এণ্ডোনমেণ্ট পৰিকল্পনা। আঁচনিখন ১৫-২০ বছৰৰ বাবে। ব্যক্তি এজনৰ মৃত্যুৰ ক্ষেত্ৰত আঁচনি ধাৰকক বীমা ৰাশিৰ লগতে বোনাচ পৰিমাণো প্ৰদান কৰা হয়।


কেছ বেক সুবিধা:


আঁচনিখনৰ পৰিপূৰ্ণতাৰ আগতে ৩টা কেছবেক আগবঢ়ায়। অৰ্থাৎ আঁচনিখন গ্ৰহণ কৰাৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত শিশুসকলৰ শিক্ষাৰ ওপৰত কোনো বোজা বা ঘৰত কোনো বৃহৎ ব্যয় হ'লে এই ধনৰাশিয়ে সহায় কৰে। চতুৰ্থবাৰৰ বাবে বোনাছসহ বাকী পৰিমাণটো ম্যাদপূৰ্তিৰ সময়ত প্ৰদান কৰা হয়। গ্ৰাম্য ডাক জীৱন বীমা আঁচনিখন ভাৰত চৰকাৰে ১৯৯৫ চনত আৰম্ভ কৰিছিল।


এইবোৰ হৈছে চৰ্তাৱলী:


–যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ লাভ অৰ্জন কৰিব পাৰে।


–এই আঁচনিৰ বাবে ন্যূনতম বয়স হৈছে ১৯ বছৰ আৰু সৰ্বাধিক ৪৫ বছৰ।


–আঁচনিখন ১৫ বছৰ আৰু ২০ বছৰৰ বাবে ল'ব পাৰি। ২০ বছৰৰ আঁচনি এখন ল'বলৈ ধাৰকৰ বয়স ৪০ বছৰতকৈ অধিক হ'ব নালাগে।

Published by:Gautam Barman
First published: