সলনি হৈছে ডাকঘৰৰ নানা আঁচনি। এই নতুন নিয়ম ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব। গতিকে গ্ৰাহকে এতিয়াৰ পৰা নতুন নিয়ম অনুসৰি 'টাইম ডিপজিট একাউণ্ট' বনাব লাগিব। ইয়াৰ উপৰি আপুনি ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম আৰু মান্থলী ইনকাম স্কিমত বিনিয়োগ কৰিবলৈ ছেভিংচ একাউণ্ট বা বেংক একাউণ্ট খুলিব লাগিব।
ইয়াৰ আগতে, ইণ্ডিয়া পোষ্ট (India Post) পেমেণ্ট বেঙ্কত সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা আছিল। কিন্তু এতিয়াৰ পৰা গ্ৰাহকে কেৱল তিনিটা বিনামূলীয়া লেনদেন কৰিব পাৰে। তিনিটা বিনামূলীয়া লেনদেনৰ ক্ষেত্ৰত মিনি ষ্টেটমেণ্ট, নগদ ধন উলিওৱা আৰু নগদ জমা ৰখাৰ সুবিধা আছে। অৱশ্যে, ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত বিনামূলীয়া সীমা শেষ হোৱাৰ পিছত প্ৰতিটো লেনদেনৰ বাবে মাচুল ভৰিব লাগিব।
আনহাতে এতিয়াৰ পৰা বিনিয়োগকাৰীসকলে সূত ৰূপে নগদ ধন নাপাব। কিছুমান আঁচনিৰ বাবে এই নিয়ম ইণ্ডিয়া পোষ্টে জাৰি কৰিছে। ১ এপ্ৰিলৰ পৰা জমাকৰ্তাসকলে মাহিলি বিনিয়োগ আঁচনি (MIS), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS), টাইম ডিপোজিট একাউণ্ট (TD)ৰ পৰা নগদ ধন ল'ব নোৱাৰিব। পৰিৱৰ্তে প্ৰত্যক্ষ সূতৰ ধন ছেভিংছ একাউণ্টলৈ প্ৰেৰণ কৰিব চৰকাৰে। এই সংশোধিত নিৰ্দেশনা সকলোৰে বাবে প্ৰযোজ্য। এইক্ষেত্ৰত, কৰ্তৃপক্ষই মাহিলি, তিনিমহীয়া বা বাৰ্ষিক সূতৰ পৰিমাণৰ ক্ষেত্ৰত একে নিয়ম প্ৰস্তুত কৰিছে।
নতুন নিয়ম অনুসৰি, ডাকঘৰৰ সঞ্চয় আৰু চলিত একাউণ্টত এমাহত ২৫,০০০ টকা উলিওৱাৰ বাবে কোনো মাচুল লোৱা নহ'ব। তাৰ পিছত যদি গ্ৰাহকে টকা উলিয়ায়, তেওঁ মুঠ উলিওৱাৰ পৰিমাণৰ ওপৰত ন্যূনতম ২৫ টকা বা ০.৫ শতাংশ মাচুল পৰিশোধ কৰিব লাগিব। যদি গ্ৰাহকে নতুন নিয়ম অনুসৰি মাহে ১০,০০০ টকালৈকে নগদ ধন জমা কৰে, তেন্তে কোনো মাচুল লোৱা নহ'ব। যদি আপুনি তাতকৈ অধিক জমা কৰে, ডাকঘৰৰ ছেভিংচ একাউণ্ট ডিপ'জিটৰৰ ওপৰত ন্যূনতম ২৫ টকা আদায় কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|