ৰাজহুৱা খণ্ডৰ পঞ্জাৱ নেচনেল বেংকে (PNB) ২ কোটি টকাৰ কম ফিক্সড ডিপজিটৰ (FD) সুতৰ হাৰ সলনি ঘোষণা কৰিছে। বেঙ্কৰ এই সিদ্ধান্তৰ পিছত, আপুনি এতিয়া ৭ ৰ পৰা ৪৫ দিনত পৰিপক্ক হোৱা ফিক্সড ডিপজিটৰ ওপৰত ২.৯ শতাংশৰ পৰিৱৰ্তে ৩ শতাংশ সুতৰ হাৰ পাব। বেংকৰ নতুন হাৰ ৭ মে'ৰ পৰা কাৰ্যকৰী হৈছে।
অৱশ্যে, ৪৬ ৰ পৰা ৯০ দিনত পৰিপক্ক হোৱা ফিক্সড ডিপজিটৰ সুতৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই। এই সময়ছোৱাত, আপুনি কেৱল ৩.২৫% সুত পাব। একে সময়তে, ৯১ ৰ পৰা ১৭৯ দিনত পৰিপক্ক হোৱা ফিক্সড ডিপজিটে এতিয়া ৩.৮ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ সুতৰ হাৰ লাভ কৰিব।
১৮০ দিনৰ পৰা ১ বছৰতকৈ কম সময়ৰ বাবে পৰিপক্ক হোৱা স্থিৰ জমাৰ সুতৰ হাৰ ৪.৪ শতাংশৰ পৰা ৪.৫ শতাংশলৈ ১০ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছে। একেদৰে, ১ বছৰৰ পৰা ২ বছৰৰ ভিতৰত ম্যাদপুৰ্তিৰ বাকেটটোৱে এতিয়া ৫ শতাংশৰ পৰিৱৰ্তে ৫.১শতাংশ হাৰত সুত পাব। ২ বছৰ আৰু ৩ বছৰতকৈ অধিক সময়ৰ বাবে পৰিপক্ক হোৱা বেংকত জমাৰ সুতৰ হাৰ ৫.১ শতাংশত স্থিৰ হৈ আছে। একেদৰে, ৩ ৰ পৰা ১০ বছৰৰ ভিতৰত পৰিপক্ক হোৱা স্থিৰ জমাৰ সূতৰ হাৰ ৫.২৫ শতাংশত স্থিৰ হৈ আছে। পিএনবিয়ে ৭ ৰ পৰা ১৪ দিনত পৰিপক্ক হোৱা স্থিৰ জমাৰ ওপৰত ৩ শতাংশ সুতৰ হাৰ আগবঢ়াইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|