প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনা (PM Kisan Yojana)ৰ আঁচনিৰ দ্বাদশ কিস্তিৰ বাবে অপেক্ষা কৰি থকা দেশৰ কোটি কোটি কৃষকসকলৰ বাবে ডাঙৰ খবৰ। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা এটা টুইটৰ পিছতেই দ্বাদশ কিস্তিৰ ধণ সোনকালেই কৃষকৰ একাউণ্টলৈ অহাৰ সম্ভাৱনা আছে।
দৰাচলতে, পিএম কিষাণ আঁচনি হ’ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আটাইতকৈ অভিলাসী আঁচনিবোৰৰ ভিতৰত অন্যতম আঁচনি আৰু এতিয়ালৈকে চৰকাৰে আঁচনিসমূহৰ অধীনত কৃষকসকলৰ একাউণ্টত ১১টা কিস্তি প্ৰেৰণ কৰিছে। এই ১১টা কিস্তি লাভ কৰা কৃষকসকল হৈছে সেইসকল যিয়ে KYC আপডেটৰ অন্তিম তাৰিখ ৩১ জুলাই পৰ্যন্ত দিছে। অনুমান কৰা হৈছে যে শীঘ্ৰেই দ্বাদশ কিস্তিৰ ধন কৃষকসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কি টুইট কৰিছে?ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখনৰ সফলতাৰ বিষয়ে কেইবাবাৰো নিজৰ বিবৃতি দিছে। তেওঁ এক টুইটযোগে কয়– ‘‘আমাৰ কৃষক ভাই–ভনীসকলক লৈ ভাৰত গৌৰান্বিত। তেওঁলোক যিমান শক্তিশালী হ’ব, আমাৰ দেশ সিমানেই সমৃদ্ধ হ’ব। মই সুখী যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু কৃষি সম্পৰ্কীয় অন্যান্য আঁচনিয়ে দেশৰ কোটি কোটি কৃষকক নতুন শক্তি প্ৰদান কৰিছে।’’
দ্বাদশ কিস্তি কেতিয়া আহিব পাৰে?উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ৩১ মে'ত আঁচনিখনৰ অধীনত ১১তম কিস্তিৰ ধন মুকলি কৰিছিল। এই সময়ছোৱাত ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টত প্ৰায় ২১ হাজাৰ কোটি টকা জমা হৈছিল। আঁচনিখনৰ অধীনত প্ৰতি বিত্তীয় বৰ্ষত ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ প্ৰথমটো কিস্তি, ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত দ্বিতীয় কিস্তি, ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত তৃতীয় কিস্তিৰ ধন অৰ্থাৎ প্ৰতিটো কিস্তিত চাৰি মাহৰ টকা প্ৰদান কৰা হয়, য'ত প্ৰতি মাহে ৫০০ টকাকৈ দি মুঠ ২০০০ টকা দিয়া হয়।
আপোনাৰ status কেনেদৰে পৰীক্ষা কৰিব?
–কৃষকসকলে নিজৰ কিস্তিৰ status পৰীক্ষা কৰিবলৈ পিএম কিষানৰ ৱেবছাইটত যাব লাগিব।
–ইয়াৰ পিছত ফাৰ্মৰ কৰ্নাৰলৈ গৈ ক্লিক কৰিব।
–তাৰ পিছত বেনিফিছিয়াৰি status ৰ optionত ক্লিক কৰিব।
–নতুন পেজ খোলাৰ পিছত নিজৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ দাখিল কৰিব।
–ইয়াৰ পিছত submit buttonত কিল্ক কৰাৰ লগে লগে আপুনি আপোনাৰ statusৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিব।
Published by: Gautam Barman
FIRST PUBLISHED : August 06, 2022, 00:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|