৩ টা কিস্তিত কৃষকসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব বছৰি ৬,০০০ টকা । প্ৰথম কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত, দ্বিতীয় কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ ভিতৰত আৰু তৃতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত।
৩ টা কিস্তিত কৃষকসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব বছৰি ৬,০০০ টকা । প্ৰথম কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত, দ্বিতীয় কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ ভিতৰত আৰু তৃতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত।
কৃষকসকলৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (PM Kisan samman nidhi scheme) হিতাধিকাৰীসকলে ৪,০০০ টকা পাবলৈ মাত্ৰ ১১ দিন বাকী আছে। অৰ্থাৎ যদি আপুনি এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM KISAN)ৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰা নাই, তেন্তে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ইয়াক তৎক্ষণাৎ কৰি লওক। তেনে কৰিলে আপুনিও একেৰাহে দুটা কিস্তিত পাব ৪,০০০ টকা।
পৰৱৰ্তী কিস্তিৰ বাবে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ, ২০২১। যদি আপোনাৰ আবেদন গ্ৰহণ কৰা হয়, তেন্তে অক্টোবৰ বা নৱেম্বৰ মাহত ২,০০০ টকা আপোনাৰ একাউণ্টত সোমাব। তাৰ পিছত ডিচেম্বৰত পুনৰ আপোনাৰ বেঙ্ক একাউণ্টলৈ ২,০০০ টকাৰ কিস্তি (PM Kisan installment) আহিব। অৰ্থাৎ, যদি আপুনি ৪,০০০ টকা পাব বিচাৰে, আপোনাৰ হাতত ৩০ ছেপ্টেম্বৰলৈকে এটা ভাল সুযোগ আছে।
এনেদৰে পঞ্জীয়ন কৰক নিজৰ নাম-
পিএম কিষাণৰ ৱেবছাইট pmkisan.gov.in লৈ যাওক। ইয়াত আপুনি FARMER CORNERS বুলি এটা অপচন দেখিব। তাত গৈ New Farmer Registration ক্লিক কৰক। তাৰ পিছত আপুনি আধাৰ আৰু বেংক একাউণ্ট আদিৰ সৈতে সম্পৰ্কিত তথ্য প্ৰদান কৰি প্ৰপত্ৰখন পূৰণ কৰিব লাগিব।
কিস্তিবোৰ কেতিয়া সোমাব ?
৩টা কিস্তিত কৃষকসকলৰ একাউণ্টলৈ বছৰি ৬,০০০ টকা প্ৰেৰণ কৰা হ'ব। প্ৰতি ৪ মাহত ২,০০০ টকাৰ কিস্তি সোমাব। PM Kisan পৰ্টেলৰ মতে, আঁচনিখনৰ প্ৰথম কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত পাব। দ্বিতীয় কিস্তিটো ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ ভিতৰত কৃষকৰ একাউণ্টত সোমাব। তৃতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|