সৰ্বাধিক নিশ্চিত বীমা লাভালাভ ( Maximum assured Insurance Benefits)
কৰ্মচাৰীজনৰ বৈধ নমিনীয়ে ৭ লাখ টকা বীমাধন লাভ কৰিব যদি কৰ্মচাৰীজন চাকৰি কালতে মৃত্যু হয়। এই বীমা ধনৰ পৰমাণ ২০২১ৰ এপ্ৰিলত পূৰ্বৰ ৬ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হয়। নিম্নতম নিশ্চিত লাভ (Minimum Assured Benefits)
EDLI আঁচনি, ১৯৭৬ৰ অধীনত যদি এজন চাকৰিয়ালে মৃত্যুৰ ১২ মাহ আগলৈকে পিএফ একাউণ্ট চলাই থাকে তেন্তে অতি কমেও ২ লাখ ৫০,০০০ টকা বীমা লাভ কৰিব।
৭ লাখ টকালৈ বিনামূলীয়া সুবিধা (Free Benefits of up to Rs 7 lakh)
EPF/PF একাউণ্ট থকা সকলো চৰকাৰী কৰ্মচাৰীয়ে এই ৭ লাখ টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাবে কোনো প্ৰিমিয়াম দিব নালাগে। ইয়াৰ প্ৰিমিয়াম নিয়োগকৰ্তাইহে দিব যিটো মাহিলী দৰমহাৰ ০.১৫ শতাংশ হয় আৰু ১৫০০০ টকাৰ অধিক নহয়।
PF বা EPF একাউণ্ট ধাৰকৰ বাবে স্বয়ংক্ৰিয় এনৰোলমেণ্ট (Auto-Enrollment for PF account holder/EPF account holder)
PF বা EPF একাউণ্ট থকা সকলে এই EDLI আঁচনিৰ বীমা সুবিধা লাভ কৰিবলৈ বেলেগকৈ এনৰোলমেণ্ট বা নাম পঞ্জীয়ন কৰাৰ দৰকাৰ নাই। EPFOৰ সদস্য হোৱাৰ লগে লগে EDLI আঁচনিৰ বাবে যোগ্য বিবেচিত হয়।