• Home
  • »
  • News
  • »
  • business
  • »
  • এতিয়াই চেক কৰক... আধাৰ–পেন কাৰ্ডৰ উপৰি আপোনাৰ একাউণ্টত আপডেট আছেনে এয়া? অন্যথা উলিয়াব নোৱাৰিব টকা

এতিয়াই চেক কৰক... আধাৰ–পেন কাৰ্ডৰ উপৰি আপোনাৰ একাউণ্টত আপডেট আছেনে এয়া? অন্যথা উলিয়াব নোৱাৰিব টকা

সকলো নথিৰ সৈতে আপোনাৰ মোবাইল নম্বৰো পিএফ একাউণ্টত থকাটো প্ৰয়োজনীয়।

সকলো নথিৰ সৈতে আপোনাৰ মোবাইল নম্বৰো পিএফ একাউণ্টত থকাটো প্ৰয়োজনীয়।

সকলো নথিৰ সৈতে আপোনাৰ মোবাইল নম্বৰো পিএফ একাউণ্টত থকাটো প্ৰয়োজনীয়।

  • Share this:
প্ৰায়ে পিএফ একাউণ্টৰ গৰাকীয়ে একাউণ্ট খোলাৰ পিছত ইয়াৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে, যিটো অতি প্ৰয়োজনীয়। পিএফ একাউণ্টত কেইবাটাও বিষয় সদায় আপডেট হোৱাটো উচিত, যাৰ ভিতৰত আধাৰ কাৰ্ড, পেন কাৰ্ড, একাউণ্ট নম্বৰ আদি। অন্যথা আপোনাক টকাৰ আৱশ্যক হ’লে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু আপুনি পি এফ একাউণ্টৰ পৰা টকা উলিয়াব নোৱাৰিব।

এনে অৱস্থাত আপুনি সকলো নথিৰ সৈতে আপোনাৰ মোবাইল নম্বৰো পিএফ একাউণ্টত থকাটো প্ৰয়োজনীয়। যদি আপুনি মোবাইল নম্বৰ সলনি কৰিছে তেন্তে আপুনি নতুন মোবাইল নম্বৰ নিজৰ পিএফ একাউণ্টত আপডেট কৰিব লাগিব।

যদি আপোনাৰ ফোন নম্বৰ আপডেট কৰিব বিচাৰে তেন্তে আপুনি প্ৰথমে ইপিএফৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছত আপুনি Manage ছেকচনত Contact Detailsলৈ যাওক, য’ত আপুনি Check Mobile No অপচন দেখিবলৈ পাব।

এই অপচনত আপুনি ক্লিক কৰক আৰু আপোনাৰ পৰা দুবাৰ নতুন নম্বৰ দিব লাগিব। ইয়াৰ পিছত ইয়াক এপ্ৰুভ কৰাৰ বাবে অ’টিপি প্ৰেৰণ কৰা হ’ব। অ’টিপি প্ৰেৰণৰ পিছত আপোনাৰ নম্বৰ এপ্ৰুভ কৰোৱা হ’ব। এইদৰে আপুনি ফোন নম্বৰ সলনি কৰিব পাৰে।

ইয়াৰ উপৰি যদি আধাৰ কাৰ্ড পিএফ একাউণ্টৰ সৈতে সংযুক্ত নাথাকে তেন্তে আপুনি বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে আৰু এমপ্লয়াৰৰ ফালৰ পৰা প্ৰেৰণ কৰা টকা বন্ধ হৈ থাকিব পাৰে। শেহতীয়াকৈ ইপিএফঅ’ই আধাৰৰ সৈতে পিএফ একাউণ্ট লিংক কৰাৰ অন্তিম তাৰিখ সলনি কৰিছিল, যাৰ পিছত ইয়াক ১ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল। অৰ্থাৎ ১ ছেপ্টেম্বৰলৈকে সকলো পিএফ একাউণ্টধাৰীয়ে নিজৰ পিএফ একাউণ্টক আধাৰৰ সৈতে লিংক কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published: