যদিও ২১ মে’ত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক কৰ্তন কৰাৰ পিছত ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য (Petrol, Diesel Prices)হ্ৰাস পাইছে আৰু তাৰ পিছৰ পৰা অপৰিৱৰ্তিত হৈ আছে, তথাপিও আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই আছে। ২১ মে’ত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১১০ ডলাৰ আছিল, যিটো এতিয়া প্ৰতি বেৰেলত ১২২ ডলাৰলৈ বৃদ্ধি হৈছে। ইতিমধ্যে দেশত উচ্চ মুদ্ৰাস্ফীতিৰ বাবে ভাৰতৰ তেল বিপণন কোম্পানীসমূহে খুচুৰা ইন্ধনৰ মূল্যক বৰ্তমানৰ খাৰুৱা তেলৰ মূল্যৰ সৈতে সমান কৰাৰ পৰা বিৰত আছে।
বৰ্তমান ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২২.০১ ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰাহকৰ মূল্য আশা কৰাতকৈ অধিক বৃদ্ধি পোৱাৰ পিছত আৰু চীনে নতুন ক’ভিড-১৯ লকডাউন ব্যৱস্থা বলৱৎ কৰাৰ পিছত শুকুৰবাৰে প্ৰতি বেৰেলত ১.০৬ ডলাৰ কম হ’লেও বিশেষজ্ঞসকলে কয় যে ইয়াৰ উত্থানৰ আশংকা এতিয়াও আছে।
ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যৰ সৈতে জড়িত আৰু পৰিৱৰ্তনসমূহ দৈনিক ভিত্তিত সেই অনুসৰি কৰা হয়। কিন্তু বিপিচিএল, এইচপিচিএল আৰু ইণ্ডিয়ানঅইলৰ দৰে তেল বিপণন কোম্পানীসমূহে ২০২১ চনৰ নৱেম্বৰৰ পৰা খুচুৰা ইন্ধনৰ মূল্য মডাৰেট কৰি ৰাখিছে। ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ ২২ মাৰ্চৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য স্থবিত আছিল।
খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যবৃদ্ধি অব্যাহত থকাৰ বাবে চৰকাৰী তেল বিপণন কোম্পানীসমূহৰ ওপৰত হেঁচা পৰিছে। মাৰ্চ মাহত মুডী’ছৰ প্ৰতিবেদনত কোৱা হৈছিল যে ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলৰ হাৰ সীমাবদ্ধ কৰাৰ বাবে ভাৰতীয় তেল নিগমৰ ৰাজহৰ লোকচানৰ পৰিমাণ ১ৰ পৰা-১.১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। গতিকে, কম মাৰ্জিন আৰু লোকচানে সাধাৰণতে কোম্পানীসমূহক মূল্য বৃদ্ধি কৰিবলৈ বাধ্য কৰিব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 12, 2022, 18:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|