Petrol-Diesel Price: আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত অহা এমাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২ৰ পৰা ৩ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
Petrol-Diesel Price: আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত অহা এমাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২ৰ পৰা ৩ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজতে সাধাৰণ জনতাই আন এক বিপদৰ সন্মুখীন হ'ব পাৰে। অনাগত দিনত পেট্ৰ'ল আৰু ডিজেল (Petrol-Diesel Price) অধিক ব্যয়বহুল হ'ব পাৰে। কিয়নো খাৰুৱা তেলৰ মূল্য ৭ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৭ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ আগতে জানুৱাৰী ২০১৪ত খাৰুৱা তেলৰ মূল্য ৮৭ ডলাৰ অতিক্ৰম কৰিছিল।
খাৰুৱা তেলৰ মূল্য ১ ডিচেম্বৰ, ২০২১ তাৰিখে প্ৰতি বেৰেলত ৬৮.৮৭ ডলাৰৰ পৰা ৮৬ ডলাৰ প্ৰতি বেৰেলৰ ওপৰলৈ বৃদ্ধি হৈছিল। অৰ্থাৎ ডেৰ মাহৰ ভিতৰত খাৰুৱা তেলৰ (Petrol-Diesel Price) মূল্য ২৬% বৃদ্ধি পাইছে।
IIFL ছিকিউৰিটিজৰ উপ-সভাপতি (কমোডিটি এণ্ড কাৰেন্সী) অনুজ গুপ্তাই কয় যে অদূৰ ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত অহা এমাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২ৰ পৰা ৩ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
কিন্তু আগন্তুক ৫ ৰাজ্যৰ নিৰ্বাচনলৈ চাই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন উপায়েৰে পেট্ৰ'ল আৰু ডিজেল (Petrol-Diesel Price)ৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ সম্ভাৱনা আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|