পেট্ৰ'ল-ডিজেলৰ দাম (Petrol Diesel Price) ধাৰাবাহিকভাৱে বাঢ়ি আছে। অসমতো ইতিমধ্যে চেঞ্চুৰী মাৰিছে পেট্ৰ'ল-ডিজেলৰ দামে। কেইবাখনো জিলা আৰু কেইবাখনো নগৰত ইতিমধ্যে পেট্ৰ'ল-ডিজেলৰ দামে ১০০ৰ ঘৰ অতিক্ৰম কৰিছে। ইয়াৰ মাজতে ৩০ মাৰ্চ, বুধবাৰৰ কাৰণে ইতিমধ্যে দাম বৃদ্ধি কৰা হৈছে পেট্ৰ'ল-ডিজেলৰ।
ইণ্ডিয়ান অইল কৰ্পোৰেচন (IOCL)আৰু অন্যান্য তেল কোম্পানীসমূহে বুধবাৰৰ কাৰণে প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ দামত ৮০ পইচাকৈ বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে।
এই বৃদ্ধিৰ লগে লগে অসমৰ ৰাজধানী চহৰ গুৱাহাটীতো পেট্ৰ'ল-ডিজেলৰ দামে (Petrol Diesel Price) চেঞ্চুৰী মাৰিব। মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম (Petrol Price) আছিল ৯৯.৮৯ পইচা। এতিয়া ৮০ পইচা দাম বৃদ্ধইৰ লগে লগে গুৱাহাটীতো ১০০ অতিক্ৰম কৰিব পেট্ৰ'ল দামে।
উল্লেখ্য যে ২৪ মাৰ্চক বাদ দি ২২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ দাম। আঠ দিনত পেট্ৰ'লত ৫.২০ টকা আৰু ডিজেলৰ দাম বাঢ়িছে ৫.৩৫ টকা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|