হোলীৰ দিনটোতে আজি গুৱাহাটীৰ ৰাইজে সন্মুখীন হ'বলগীয়া হয় এক বিশেষ ধৰণৰ সমস্যাৰ ৷ কিয়নো আজি পুৱাৰে পৰাই গুৱাহাটী মহানগৰীৰ অধিকাংশ পেট্ৰ'ল ডিপো হোলী উপলক্ষে বন্ধ থাকে ৷
ফলত বহু অঞ্চলত হোলী খেলিবলৈ ওলাই অহাৰ উপৰি আন জৰুৰী কামত যান-বাহন লৈ ওলাই অহা সকলো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৷ আনকি বহু এম্বুলেঞ্চ, কেব আদিৰ সেৱাও ইন্ধনৰ অভাৱত ব্যাহত হয়।
বিয়লিৰ ভাগত উলুবাৰীৰ ইণ্ডিয়ান অইলৰ ডিপোটো খোলাৰ পিছত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। ডিপোটোত পেট্ৰ'ল-ডিজেল ভৰাবলৈ অহা যান-বাহনৰ লানি উলুবাৰী উৰণীয়া সেতুৰ তলৰ পৰাই আৰম্ভ হয় ৷ ফলত সৃষ্টি হয় অভাৱনীয় যানজঁটৰ।
বহু সময় অপেক্ষা কৰি নিজা নিজা বাহনসমূহত তেল ভৰাবলৈ সক্ষম হয় মহানগৰবাসীয়ে। অন্যহাতে প্ৰশাসনৰ সেৱাৰ বাবে নিয়োজিত বাহনসমূহেও বিয়লিৰ ভাগতহে তেল ভৰোৱা দেখা যায়।
Published by: Gautam Barman
FIRST PUBLISHED : March 08, 2023, 22:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।