বৃহস্পতিবাৰেও পেট্ৰ’ল আৰু ডিজেলৰ (Petrol-Diesel Price today on 22 July 2021) দামৰ কোনো সালসলনি হোৱা নাই। ইয়াৰ পূৰ্বে শনিবাৰে পেট্ৰ’লৰ দাম বৃদ্ধি কৰা হৈছিল ৩০ পইচা। আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম কমিছে। ফলত অনুমান কৰা হৈছে দেশৰ বজাৰতো পেট্ৰ’ল আৰু ডিজেলৰ দাম শীঘ্ৰে হ্ৰাস পাব পাৰে। মে’ মাহৰ পিছত ধাৰাবাহিকভাৱে দাম বাঢ়িছে তেলৰ। ৪২ দিনত পেট্ৰ’লৰ দাম বাঢ়িছে ১১.৫২ টকা প্ৰতি লিটাৰত। জুলাই মাহত এতিয়ালৈ পেট্ৰ’লৰ দাম বাঢ়িছে ৯বাৰ।
চলিত বছৰত এপ্ৰিলৰ পিছত এতিয়ালৈ পেট্ৰ’লৰ দাম বাঢ়িছে ৩৯ বাৰ, ডিজেলৰ ৩৬ বাৰ। বিৰোধীৰ প্ৰশ্নৰ উত্তৰত লোকসভাত এই তথ্য দিছে চৰকাৰে। এই সময়ছোৱাত পেট্ৰ’লৰ দাম এবাৰ আৰু ডিজেলৰ দাম দুবাৰ কমিছে। পেট্ৰ’লৰ দাম ৬৪ বাৰ আৰু ডিজেলৰ দাম ৬৬বাৰ অপৰিৱৰ্তিত ৰখা হৈছে।
জানি লওক আজি দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম
দিল্লী – পেট্ৰ’ল – ১০১.৮৪ টকা, ডিজেল ৮৯.৮৭ টকা
মুম্বাই – পেট্ৰ’ল – ১০৭.৮৪ টকা, ডিজেল ৯৭.৪৫ টকা
চেন্নাই – পেট্ৰ’ল – ১০২.৪৯ টকা, ডিজেল ৯৪.৩৯ টকা
কলকাতা – পেট্ৰ’ল – ১০২.০৮ টকা, ডিজেল ৯৩.০২ টকা
বেংগালুৰু – পেট্ৰ’ল – ১০৫.২৫ টকা, ডিজেল ৯৫.২৬ টকা
গুৱাহাটী – পেট্ৰ’ল – ১০১৯৭.৬৪ টকা, ডিজেল ৮৯.২২ টকা
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|