মুখ্যপৃষ্ঠা »খবৰ »ব্যৱসায় »LPG চিলিণ্ডাৰ বুকিঙৰ বাবে দিয়া হৈছে ২৭০০ টকালৈকে কেছবেকৰ অ'ফাৰ, এনেদৰে লওক এই সুবিধা

LPG চিলিণ্ডাৰ বুকিঙৰ বাবে দিয়া হৈছে ২৭০০ টকালৈকে কেছবেকৰ অ'ফাৰ, এনেদৰে লওক এই সুবিধা

এই বাম্পাৰ অফাৰ পেটিএমৰ নতুন আৰু পুৰণি ব্যৱহাৰকাৰীসকলে লাভ কৰিব পাৰে।

এই বাম্পাৰ অফাৰ পেটিএমৰ নতুন আৰু পুৰণি ব্যৱহাৰকাৰীসকলে লাভ কৰিব পাৰে।

  • Share this:

এলপিজি চিলিণ্ডাৰ(LPG Cylinder)ৰ বৰ্ধিত মূল্যৰ বাবে বিচলিত লোকসকলৰ বাবে ভাল খবৰ। আপুনি এতিয়া ঘৰুৱা গেছ চিলিণ্ডাৰ বুক কৰাৰ বাবে ২৭০০ টকালৈকে কেছবেক (Cashback Offer) জিকিব পাৰে। হয় অনলাইন পেমেণ্ট এপ পেটিএমে (Paytm) এই অফাৰটো মুকলি কৰিছে।


আপুনি ৩টা চিলিণ্ডাৰ বুক কৰি এই কেছবেক পাব। আপুনি এই অফাৰটো কেনেদৰে লাভ কৰিবলৈ সক্ষম হ'ব সেয়া বিতংভাৱে জানি লওক–


অফাৰটো কিমান দিনৰ বাবে বৈধ?
পেটিএমে ইয়াৰ এপটোত এখন বেনাৰ লগাই প্ৰস্তাৱটো ঘোষণা কৰিছে। বেনাৰত স্পষ্টকৈ কোৱা হৈছে যে যদি আপুনি পেটিএমৰ জৰিয়তে এইচপি, ইণ্ডেন বা ভাৰত গেছ কোম্পানীৰ চিলিণ্ডাৰ বুক কৰে, আপুনি ২৭০০ টকালৈকে কেছবেক পাব পাৰে। এই সুবিধাটো ৩টা চিলিণ্ডাৰ বুক কৰাৰ ক্ষেত্ৰতহে উপলব্ধ হ'ব। অৱশ্যে এই বেনাৰটো ক্লিক কৰিব পৰা নহয় বাবে এয়া নিশ্চিত কৰিব পৰা নগ'ল যে অফাৰটো কিমান দিনৰ বাবে বৈধ। কিন্তু এই বাম্পাৰ অফাৰ পেটিএমৰ নতুন আৰু পুৰণি ব্যৱহাৰকাৰীসকলে লাভ কৰিব পাৰে।


কেনেদৰে বুকিং কৰিব?
যদি আপুনি এই অফাৰটো পাব বিচাৰে আপুনি প্ৰথমে আপোনাৰ ম'বাইল ফোনত পেটিএম এপ ডাউনলোড কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ গেছ এজেন্সীত চিলিণ্ডাৰ বুকিং কৰিব লাগিব। ইয়াৰ পিছত পেটিএম এপত গৈ Show Moreত ক্লিক কৰক, পিছত Recharge and Pay Billsত ক্লিক কৰক, ইয়াৰ পিছত Book a Cylinder বিকল্প আহিব আহিব আৰু তাত গৈ গেছ প্ৰভাইডাৰ ছিলেক্ট কৰক। ইয়াৰ পিছত LPG Id বা যিটো নম্বৰ গেছ এজেন্সীত ৰেজিষ্টাৰ আছে সেয়া পূৰ কৰক আৰু Proceedত ক্লিক কৰক। আপোনাৰ সন্মুখত সকলো বিৱৰণ থাকিব। বুকিং কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত আপুনি কেছবেকৰ স্ক্ৰেচ কাৰ্ড পাব। এই স্ক্ৰেচ কাৰ্ডখন ৭ দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব।

শেহতীয়া বাতৰি