• Home
  • »
  • News
  • »
  • business
  • »
  • Ornamental Fish : একুৰিয়ামত থকা ৰং-বিৰঙী মাছবোৰ ক’ৰ পৰা আনে, জানি লৈ আগবাঢ়িলে আপুনিও হ'ব পাৰিব ধনী

Ornamental Fish : একুৰিয়ামত থকা ৰং-বিৰঙী মাছবোৰ ক’ৰ পৰা আনে, জানি লৈ আগবাঢ়িলে আপুনিও হ'ব পাৰিব ধনী

গোৱালপাৰা (Goalpara)তো এনে এখন গাঁৱ আছে য’ত এই ৰং-বিৰঙী  আলংকাৰিক মাছ (Ornamental Fish) উৎপাদনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ২৬ গৰাকী মহিলাই ৷

গোৱালপাৰা (Goalpara)তো এনে এখন গাঁৱ আছে য’ত এই ৰং-বিৰঙী  আলংকাৰিক মাছ (Ornamental Fish) উৎপাদনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ২৬ গৰাকী মহিলাই ৷

গোৱালপাৰা (Goalpara)তো এনে এখন গাঁৱ আছে য’ত এই ৰং-বিৰঙী  আলংকাৰিক মাছ (Ornamental Fish) উৎপাদনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ২৬ গৰাকী মহিলাই ৷

  • Share this:
আপুনি মই গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা একুৰিয়াম (Aquarium)ত থকা ধুনীয়া ৰং-বিৰঙী মাছ বোৰ দেখিলেই মন জুৰ পৰি যায়। ভাবিলে আচৰিত লাগে ইমান ধুনীয়া মাছবোৰে ক'ৰ পৰা আনে এই ধুনীয়াবোৰ!  আমাক ভাল লগাবলৈকে ৰঙা-নীলা, হালধীয়া ৰংবোৰ ক'ত পায় এই মাছবোৰে? নৈ, বিল, পুখুৰীত নোপোৱা মাছবোৰ ক’তনো পায়!

আচলতে আমি একুৰিয়ামত দেখা পোৱা মাছবোৰ কোনো নৈ বিল পুখুৰীত পোৱা নাযায়। কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে এই সকলো প্ৰজাতিৰ আলংকৰিক মাছ (Ornamental Fish) বিশেষভাৱে  উৎপাদন কৰা হয়। অসমৰো গোৱালপাৰা (Goalpara)তো এনে এখন গাঁৱ আছে য’ত এই ৰং-বিৰঙী  আলংকাৰিক মাছ উৎপাদনৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ২৬ গৰাকী মহিলাই ৷

গোৱালপাৰা জিলা ভিতৰতে বিভিন্ন প্ৰজাতিৰ ৰং বিৰঙী মাছ উৎপাদন কৰাৰ প্ৰচেষ্টা হাতত লৈছে কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱৰ মহিলা সকলে ৷ গাঁৱখনৰ বিমল ৰায় নামৰ এজন লোকে প্ৰথম বাৰৰ বাবে ২০০৪ চনতে এই মাছ বিধৰ উৎপাদন আৰম্ভ কৰে ৷ তেতিয়াৰ পৰাই একান্ত মনে এই মাছ বিধ উৎপাদন কৰি জিলা খনৰ ভিতৰতে একমাত্ৰ আলংকাৰিক মাছ উৎপাদনকাৰী লোক হিচাবে পৰিচিত হৈছে তেওঁ। শেহতীয়াকৈ গাঁৱখনৰ ২৬ গৰাকী মহিলাও এই মাছবিধ উৎপাদন কৰিবলৈ আগবাঢ়ি আহিছে।

গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে কৃত্ৰিম পুখুৰি সাজি এই আলংকাৰিক মাছ উৎপাদন কৰিছে ৷ গাঁৱখনৰ এই প্ৰচেষ্টাক সলাগ লৈছে জিলাখনৰ মীন বিভাগেও। আৰ্থিক ভাৱে সহায় কৰিছে মাছ উৎপাদনকাৰী সকলক। আলংকাৰিক মাছ উৎপাদনক্ষম গাঁও গঢ়ি তোলাৰ লক্ষ্যৰে বিগত ১৫ বছৰে কৰি গৈছে এক নিৰলস প্ৰচেষ্টা ৷ জিলা খনৰ ভিতৰতে এক মাত্ৰ এই গাঁও খনতে উৎপাদন হয় আলংকাৰিক মাছৰ ৷

গোৱালপাৰা মীন বিভাগৰ সহযোগত গাওঁখনত ১৩টা গোটকো জৰিত কৰিছে আলংকাৰিক মাছ উৎপাদনত ৷ ক’ভিড পৰিস্থিতিৰ বাবে কিছু সমস্যা হলেও হতাশ হোৱা নাই। মাছ পালক সকলৰ লক্ষ্য গাওঁখনক আলংকাৰিক মাছ উৎপাদনকাৰী গাঁও হিচাবে গঢ়ি তোলা। মাছ পালনৰে ইতিমধ্যে গাওঁখনৰ বহু লোকে লাভ কৰিছে স্বাৱলম্বিতা ৷ অকল আলংকাৰিক মাছ উৎপাদন কৰাই শেষ লক্ষ্যত ৰৈ নাথাকি মহিলা সকলে খুব কম সময়ৰ ভিতৰতে গাঁৱখনতে আৰম্ভ কৰিব “একুৰিয়াম” সজাৰ কাম ৷ উল্লেখ্য যে, অসমৰ নগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাতহে আলংকাৰীক মাছৰ উৎপাদন হয়।
Published by:Manjumoni Borah
First published: