• Home
  • »
  • News
  • »
  • business
  • »
  • Online Shopping : অনলাইনত অৰ্ডাৰ কৰিছিল পাউচ, ডেলিভাৰী দি গ'ল আচল পাছপোৰ্ট

Online Shopping : অনলাইনত অৰ্ডাৰ কৰিছিল পাউচ, ডেলিভাৰী দি গ'ল আচল পাছপোৰ্ট

 ৩০ অক্টোবৰত মিথুন বাবু নামৰ লোকজনে পাউচৰ অৰ্ডাৰ দিছিল আৰু ১ নৱেম্বৰত তেওঁক ডেলিভাৰী দিয়া হৈছিল। প্ৰথমে তেওঁ এইখন নকল পাছপোৰ্ট বুলি ভাবিছিল যদিও মুহূৰ্ততে বুজি পালে যে এইখন আচল পাছপোৰ্ট।

৩০ অক্টোবৰত মিথুন বাবু নামৰ লোকজনে পাউচৰ অৰ্ডাৰ দিছিল আৰু ১ নৱেম্বৰত তেওঁক ডেলিভাৰী দিয়া হৈছিল। প্ৰথমে তেওঁ এইখন নকল পাছপোৰ্ট বুলি ভাবিছিল যদিও মুহূৰ্ততে বুজি পালে যে এইখন আচল পাছপোৰ্ট।

৩০ অক্টোবৰত মিথুন বাবু নামৰ লোকজনে পাউচৰ অৰ্ডাৰ দিছিল আৰু ১ নৱেম্বৰত তেওঁক ডেলিভাৰী দিয়া হৈছিল। প্ৰথমে তেওঁ এইখন নকল পাছপোৰ্ট বুলি ভাবিছিল যদিও মুহূৰ্ততে বুজি পালে যে এইখন আচল পাছপোৰ্ট।

  • Share this:
অনলাইন শ্বপিং (Online Purchase) কৰাৰ সময়ত নানা ধৰণৰ আচৰিত কাণ্ডৰ বাতৰি আজিকালি প্ৰায়েই শুনি থকা হয়। কাপোৰ অৰ্ডাৰ দিলে কাগজৰ টুকুৰা, মোবাইল অৰ্ডাৰ দিলে চাবোনৰ টুকুৰা ডেলিভাৰী দিয়াৰ দৰে আজৱ কাণ্ড ঘটি থাকে অনলাইন শ্বপিঙৰ নামত। শেহতীয়াকৈ কেৰালাত পোহৰলৈ আহিছে আন এক চকু কপালত তোলা কাণ্ড। ইয়াত অনলাইন শ্বপিঙত ডেলিভাৰী দিয়া হৈছে পাছপোৰ্ট।

কেৰালা (Kerala)ৰ  ৱায়নাড় (Wayanad district) জিলাত এজন লোকে তেওঁৰ পাছপোৰ্ট ৰাখিবলৈ এমাজন (Amazon)ত অৰ্ডাৰ কৰিছিল পাছপোৰ্ট পাউচ। দুদিন পিচত যেতিয়া তেওঁক পাউচটো ডেলিভাৰী দিয়া হ'ল তাৰ ভিতৰত আছিল এখন পাছপোৰ্ট। আচৰিত কথাটো হ'ল এইখন কোনো নকল পাছপোৰ্ট নাছিল, আছিল ভাৰত চৰকাৰে এজন লোকক প্ৰদান কৰা একেবাৰে আচল পাছপোৰ্ট। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দি নিউজ মিনিট নামৰ এক সংস্থাৰ বাতৰি মতে ৩০ অক্টোবৰত মিথুন বাবু নামৰ লোকজনে পাউচৰ অৰ্ডাৰ দিছিল আৰু ১ নৱেম্বৰত তেওঁক ডেলিভাৰী দিয়া হৈছিল। প্ৰথমে তেওঁ এইখন নকল পাছপোৰ্ট বুলি ভাবিছিল যদিও মুহূৰ্ততে বুজি পালে যে এইখন আচল পাছপোৰ্ট। এইখন ত্ৰিশূৰৰ মহম্মদ ছালেহ নামৰ এজন লোকৰ আছিল বুলি জনায় মিথুনে।

মিথুনে লগে লগে বিষয়টো এমাজনৰ গ্ৰাহক সেৱা বিভাগক জনায় যদিও তেওঁলোকে আগলৈ এনে ঘটনা পুনৰাবৃত্তি নহ'ব বুলি কৈ দায়িত্ব সামৰে। পিছত মিথুনে নিজেই ছালেহক বিচাৰি তেওঁৰ পাছপোৰ্টখন উভতাই দিয়ে।

উল্লেখ্য যে ছালেহে যেতিয়া পাউচ কিনিছিল তেতিয়া তেওক একেটাা পআউচকে ডেলিভাৰী কৰা হৈছিল। কিন্তু পাউচটো পছন্দ নোহোৱাত ছালেহে ৰিটাৰ্ণ কৰি দিয়ে। কিন্তু তেওঁ নিজৰ পাছপোৰ্টখন উলিয়াই ৰাখিবলৈ পাহৰি যায়। ৰিটাৰ্ণ লোৱা সময়ত এমাজনৰ লোকে পাউচটো ভালদৰে পৰীক্ষা নকৰিলে। তাৰ পিছতে যেতিয়া মিথুন বাবুৱেও পাউচ অৰ্ডাৰ কৰিছিল তেতিয়া তেওঁক একেটা পাউচকে ডেলিভাৰী দিয়া হৈছিল। সেই সময়তো এমাজন কৰ্তৃপক্ষই পাউচটো পৰীক্ষা নকৰাকৈ ডেলিভাৰী দিয়াত ছালেহৰ পাছপোৰ্টখন ভিতৰতে থাকি যায়। প্ৰডাক্ট ডেলিভাৰীক লৈ এমাজনৰ এনে বেপৰোৱা কাৰবাৰক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে মিথুন বাবুৱে।
Published by:Manjumoni Borah
First published: