• Home
  • »
  • News
  • »
  • business
  • »
  • Onion-Potato Price : আলু-পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই লৈছে মহা পদক্ষেপ, অচিৰেই সুলভ হোৱাৰ আশা...

Onion-Potato Price : আলু-পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই লৈছে মহা পদক্ষেপ, অচিৰেই সুলভ হোৱাৰ আশা...

দাম কমিব নেকি পিঁয়াজৰ!

দাম কমিব নেকি পিঁয়াজৰ!

১৪ অক্টোবৰত চেন্নাইত পিঁয়াজৰ খুচুৰা বজাৰৰ মূল্য আছিল ৪২ টকা প্ৰতি কিলোগ্ৰাম। দিল্লীত প্ৰতি কিলোগ্ৰামত ৪৪ টকা, মুম্বাইত প্ৰতি কিলোগ্ৰামত ৪৫ টকা আৰু কলকাতাত ৫৭ টকা আৰু গুৱাহাটীত ৬০ টকা ৷

  • Share this:
পিঁয়াজ, বিলাহী আৰু আলুৰ মূল্য কেইবা সপ্তাহ ধৰি বাঢ়িয়েই আছে (Onion/Tomato/Potato Prices Hike। আৰু এই সামগ্ৰীৰ চাহিদা সমগ্ৰ দেশতে সদায়ে বহুত বেছি ৷ যাৰ বাবে সাধাৰণ মানুহে এতিয়া মূল্য বৃদ্ধিৰ মাৰত ত্ৰাহি মধুসূদন সোঁৰিছে। চৰকাৰে পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই বাফাৰ ষ্টক (Buffer Stock Released) মুকলি কৰি দিছে বুলি উপভোক্তা মন্ত্ৰালয়ে (Consumer Affair Ministry) কয়। আলু আৰু বিলাহীৰ মূল্য হ্ৰাস কৰাৰ প্ৰচেষ্টাও চলি আছে।

দেশত এই বছৰৰ আগষ্টমাহৰ পৰা বজাৰত পিঁয়াজৰ দাম বাঢ়িবলৈ ধৰিছিল। দুৰ্গা পূজাৰ সময়ত পিঁয়াজৰ মূল্য দুগুণ হয়গৈ। ১৪ অক্টোবৰৰ পিছত মহানগৰ চহৰসমূহত পিঁয়াজৰ মূল্য ৪২-৭০ টকা প্ৰতি কিলোগ্ৰামলৈ বৃদ্ধি পাইছে ৷

১৪ অক্টোবৰত চেন্নাইত পিঁয়াজৰ খুচুৰা বজাৰৰ মূল্য আছিল ৪২ টকা প্ৰতি কিলোগ্ৰাম। দিল্লীত প্ৰতি কিলোগ্ৰামত ৪৪ টকা, মুম্বাইত প্ৰতি কিলোগ্ৰামত ৪৫ টকা আৰু কলকাতাত ৫৭ টকা আৰু গুৱাহাটীত ৬০ টকা ৷ উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, কেৱল দেশৰ গড় মূল্যতকৈ পিয়াজৰ মূল্য অধিক হোৱা ৰাজ্যসমূহতহে পিঁয়াজৰ বাফাৰ ষ্টক মুকলি কৰা হৈছে ৷ মন্ত্ৰালয়ে কয, ১২ অক্টোবৰত, মুঠ ৬৩, ৩৫৭ টন পিঁয়াজ কলকাতা, লক্ষ্ণৌ, পাটনা, ৰাঁচী, গুৱাহাটী, ভুৱনেশ্বৰ, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই, মুম্বাই, চণ্ডিগড়, কোচি আৰু ৰায়পুৰৰ বজাৰলৈ প্ৰেৰণ কৰা হৈছিল।
Published by:Manjumoni Borah
First published: